ETV Bharat / state

লক ডাউনৰ প্ৰভাৱঃ ৰাজ্যত এতিয়া চলিছে অনলাইন পাঠদান

ৰাজ্যৰ শিক্ষা হোৱাটচএপ যোগে ছাত্ৰ-ছাত্ৰীসকলক অনলাইন পাঠদানৰ নিৰ্দেশনা জাৰি কৰাৰ পিচতে, হোৱাটচএপযোগে বিদ্যালয় সমূহে অব্যাহত ৰাখিছে পাঠদান ।

online classes going on during lockdown in assam

author img

By

Published : Apr 6, 2020, 3:17 PM IST

গুৱাহাটী, ৬ এপ্ৰিলঃ লক ডাউনে ইতিমধ্যে ১২ দিন অতিক্ৰম কৰিলে । এতিয়াও অনিশ্চিত কেতিয়া খুলিব লক ডাউন । বিগত ১২ দিনে বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে ৰাজ্যৰ শিক্ষা বিভাগে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে যে, শিক্ষানুষ্ঠান সমূহে হোৱাটচএপ যোগে ছাত্ৰ-ছাত্ৰীসকলক অনলাইন পাঠদান কৰিব লাগে । চৰকাৰৰ সেই নিৰ্দেশ মানি বহু শিক্ষানুষ্ঠানে ইতিমধ্যে অনলাইন পাঠদান আৰম্ভ কৰিছে । স্কুলীয়া শিক্ষাৰ্থী সকলৰ অভিভাৱকৰ মোবাইল ফোনত হোৱাটচএপ যোগে বিদ্যালয় সমূহে পাঠদান অব্যাহত ৰাখিছে । যিসকল অভিভাৱকৰ এনড্ৰইড মোবাইল নাই তেওলোকক চুবুৰীয়া কাৰোবাৰ এনড্ৰইড মোবাইল যোগে হ'লেও এই পাঠদান কৰি থকা হৈছে । অৱশ্যে এই ক্ষেত্ৰত চিবিএছচইৰ অধীনস্থ শিক্ষানুষ্ঠান সমূহক সামৰি লোৱা হোৱা নাই । কিয়নো তেওঁলোকৰ বছৰেকীয়া পৰীক্ষা ইতিমধ্যে শেষ হৈছে ।

লক ডাউনৰ প্ৰভাৱঃ ৰাজ্যত এতিয়া চলিছে অনলাইন পাঠদান

লগতে পঢ়কঃ লক ডাউনঃ দিশহাৰা হৈ পৰিছে বৰপেটাৰ খতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.