ETV Bharat / state

মহানগৰীত কেমেৰাত বন্দী বাইক চুৰিৰ দৃশ্য - অসম আৰক্ষী

দিনদুপৰতে গুৱাহাটী মহানগৰীৰ পৰা চুৰি হয় এখন বাইক ৷ চিচিটিভিত বন্দী চুৰিকাণ্ডৰ চাঞ্চল্যকৰ দৃশ্য ৷

অন কেমেৰা বাইক চুৰি
author img

By

Published : Jul 17, 2019, 5:39 PM IST

গুৱাহাটী, 17 জুলাইঃ গুৱাহাটী মহানগৰীৰ পৰা দিন দুপৰতে চুৰি বাইক ৷ বাইকত অহা চোৰে অতি কৌশলেৰে চুৰি কৰি নিয়ে এখন বাইক ৷ মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা মহিন্দ্ৰা শ্ব'ৰুমৰ পাৰ্কিঙৰ পৰাই চোৰে চুৰি কৰি নিয়ে নয়নমণি দাস নামৰ যুৱকজনৰ ৰয়েল এনফিল্ড বাইকখন ৷ ঘটনাৰ সমগ্ৰ দৃশ্য শ্ব'ৰুমৰ বাহিৰত সংস্থাপিত চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় ৷

অন কেমেৰা বাইক চুৰি

ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বাইকৰ গৰাকীয়ে ৷ উল্লেখ্য যে দুমাহ পূৰ্বে একেস্থানৰ পৰাই চুৰি হৈছিল এখন পালছাৰ বাইক ৷ আৰক্ষীয়ে উক্ত ঘটনাত জড়িত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল বাইকখন ৷ মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা চুৰিকাণ্ডক লৈ এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷ আনহাতে ভুক্তভোগী বাইকৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাও সন্দেহজনক বুলি উল্লেখ কৰিছে ৷

Intro:দিনদুপৰতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা চোৰে নিলে দুচকীয়া বাহন। মংগলবাৰে মহানগৰীৰ মহিন্দ্ৰা শ্ব'ৰুমৰ বাহিৰত প্ৰতিদিনৰ দৰেই নিজৰ ৰয়েল এণ্ডফিল বাহনখন ৰাখিছিল নয়নমনি দাস নামৰ কৰ্মচাৰীজনে। পিছত নিজৰ কৰ্ম সমাপন কৰি আহি ঘৰলৈ যাবলৈ ওলাই আহি দেখে উক্ত স্থানত নাই বাইকখন। ইফালে শ্ব' ৰুমটোৰ বাহিৰত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী বাইক চুৰিৰ সমগ্ৰ দৃশ্য। পালচাৰত অহা দুই যুৱকে অতি কৌশলৰে বাইকখন লৈ উধাও হয়। প্ৰায় ৭মাহ পূৰ্বে নয়নমনি দাসে ক্ৰয় কৰিছিল বাইকখন। দিনদুপৰতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত সংঘটিত এই চুৰিকাণ্ডই আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাইছে। ইতিমধ্যেই যুৱকজনে গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি চোৰৰ সন্ধানত নামি পৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও উক্ত স্থানৰ পৰা চুৰি হৈছিল দুচকীয়া বাহন।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.