ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষ্যে অলিম্পিক সন্থাৰ বিশেষ আয়োজন - International Olympic Day

মঙলবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰে এখন সংবাদমেলৰ(Assam Olympic Association Press Conference) । সংবাদমেলত সমাগত অসম যুৱ অলিম্পিক আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ প্ৰস্তুতিৰ ব্যাখ্য়া দাঙি ধৰে সন্থাৰ বিষয়ববীয়াসকলে ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষ্যে অলিম্পিক সন্থাৰ বিশেষ আয়োজন

author img

By

Published : Jun 14, 2022, 8:12 PM IST

গুৱাহাটী,১৪ জুন: সমাগত অসম যুৱ অলিম্পিক আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস । ইয়াকে লৈ বিশেষ প্ৰস্তুতি অসম অলিম্পিক সন্থাৰ (Olympic Association special event) । প্ৰস্তুতি সন্দৰ্ভত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে মঙলবাৰে যুটীয়াভাৱে আয়োজন কৰে এখন সংবাদমেলৰ(Assam Olympic Association Press Conference) ।

সংবাদমেলত অহা ২৩ জুনত অসম অলিম্পিক সন্থাই কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ হলত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা আগবঢ়াই । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ আহ্বানমৰ্মে অসম অলিম্পিক সন্থাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ দিনা আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । তৰ্ক প্ৰতিযোগিতাৰ বিষয় হল-“Olympic Movement plays a key role in establishing global peace.”/ সদনৰ মতে, ‘‘বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত অলিম্পিক আন্দোলনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে’’।

তৰ্ক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব । তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকজনে ২০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১৫,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব । আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব ।

ইফালে, সেইদিনাই অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰে যুটীয়াভাৱে ২৩ ৰ পৰা ২৭ জুলাইলৈ আয়োজন কৰা অসম যুৱ অলিম্পিকৰ প্ৰথমটো কাৰ্যসূচী শুভাৰম্ভ হ'ব । প্ৰথম কাৰ্যসূচী হিচাপে উক্তদিনা অসম যুৱ অলিম্পিকৰ লগো, থীম ছং আৰু টি-ছাৰ্ট মুকলি কৰা হ'ব । ইয়াৰ সমূহ কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অসম অলিম্পিক সন্থাই ।

লগতে পঢ়ক: বজ্ৰপাতৰ ফলত জুইৰ সূত্ৰপাত বৰপেটা চহৰৰ এটা পেট্ৰল পাম্পত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.