ETV Bharat / state

ভাৰতত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা

author img

By

Published : Sep 29, 2021, 7:55 PM IST

বিশ্ব হৃদ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মহানগৰীৰ হেলথ চিটী হাস্পতালত অনুষ্ঠিত এক সজাগতা সভা ৷ সভাত হৃদৰোগ বিশেষজ্ঞ ডাঃ শশাংক বৰুৱাই কয়, ভাৰতত বছৰি হাৰ্ট এটেকত মৃত্যু হয় ১৭ লাখ লোকৰ ।

World Heart Day
ভাৰতত অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : বিশ্বত প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰ মৃত্যু হয় হৃদৰোগত । আনহাতে ভাৰতত মৃত্যু হয় ২৭২ জনৰ । ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

বিশ্ব হৃদ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মহানগৰীৰ হেলথ চিটী হাস্পতালত অনুষ্ঠিত এক সজাগতা সভা ৷ সভাত হৃদৰোগ বিশেষজ্ঞ ডাঃ শশাংক বৰুৱাই কয়, বৰ্তমান সময়ত জন সজাগতাৰ অভাৱ, হৃদৰোগৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে । এজন সজাগ ব্যক্তিয়ে ৪০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

লগতে পঢ়ক: বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি

ইণ্ডিয়ান হাৰ্ট এছচিয়েচনৰ তথ্যৰ উদ্ধৃতি দি তেওঁ লগতে কয়, ভাৰতত বছৰি হাৰ্ট এটেকত মৃত্যু হয় ১৭ লাখ লোকৰ । মৃত্যুৰ এই ধাৰা অব্যাহত থাকিলে ২০৩০ চনত মৃত্যুৰ সংখ্যা হ'বগৈ ২.৩০ কোটি ।

ডাঃ বৰুৱাই হৃদৰোগ প্ৰতিৰোধৰ বাবে সতেজ ফল-মূল, শাক-পাচলি খোৱা-বোৱা, অশুদ্ধ জীৱন শৈলীৰ পৰিৱৰ্তন আৰু ধপাতজাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত হাস্পতাল খনৰ সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তী, হৃদৰোগ বিশেষজ্ঞ ডাঃ মায়ংক আগৰৱালা, ডাঃ হেমজিৎ তালুকদাৰ, ডাঃ অতনু বৰঠাকুৰ, পৰাগজ্যোতি দত্ত উপস্থিত থাকে ।

লগতে পঢ়ক: চাচনীত নৰ বলি দিয়াৰ চেষ্টা তিনিগৰাকীকৈ মহিলাসহ এগৰাকী কিশোৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.