ETV Bharat / state

Novel Jakaranda Inaugurated : গল্পকাৰ বিপাশা বৰাৰ প্ৰথম উপন্যাস জাকাৰান্দা উন্মোচন

author img

By

Published : Jan 4, 2023, 6:24 PM IST

গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস 'জাকাৰান্দা' উন্মোচন । উল্লেখ্য, বিপাশা বৰাই ২০১৮ চনত লাভ কৰিছিল সাহিত্য অকাদেমি বঁটা । গুৱাহাটী আৰ্টিষ্ট গীল্ডত মঙলবাৰে গ্ৰন্থখন উন্মোচন কৰে প্ৰফেছৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ বন্তি শেনছোৱা আৰু ঔপন্যাসিক অতনু ভট্টাচাৰ্যই (Bipasha Bora novel Jakaranda inaugurated) ।

novel
novel

গুৱাহাটী, ৪ জানুৱাৰী : শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনী গুচ্ছৰ আধাৰত এক মনোৰম উপন্যাস উন্মোচন । ২০১৮ চনৰ সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ (Sahitya Academy Youth Award winner Bipasha Bora) বঁটা বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস 'জাকাৰান্দা' গুৱাহাটী আৰ্টিষ্ট গীল্ডত (Guwahati Artist Guild) আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় (Bipasha Bora novel Jakaranda inaugurated) ।

গুৱাহাটীৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন প্ৰসিদ্ধ ঔপন্যাসিক, সমালোচক তথা শিক্ষাবিদ প্ৰফেছৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ আৰু ঔপন্যাসিক বন্তি শেনচোৱা আৰু কবি-গল্পকাৰ আৰু 'সাতসৰী' আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্যই উন্মোচন কৰে । অনুষ্ঠানত 'জাকাৰান্দা' উপন্যাসখনৰ মাজৰ পৰা এটি সৰু অংশ পাঠ কৰি শুনায় শিশু শিল্পী আগান আৰু আৱৰিয়ে । আনহাতে, গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 'শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজ' শীৰ্ষক এটি আন্তৰিক ভাব বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ।

ঐতিহ্য-সংৰক্ষক অভিনিৱেশ শৰ্মাই আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত তিনিওগৰাকী সাহিত্যিকৰ সৈতে বিপাশা বৰায়ো অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ঔপন্যাসিক তিলোত্তমা মিশ্ৰই শ্বিলঙৰ ঠাণ্ডাৰ দিনত তাহানিখনত কেঁকাই কেঁকাই স্কুললৈ যোৱাৰ স্মৃতি ৰোমন্থন কৰে । তেওঁ লগতে কয় যে শ্বিলঙত থকা তেওঁলোকৰ ঘৰখনৰ সন্মুখত জাকাৰান্দা গছ আছিল । আজিকালি শ্বিলঙত জাকাৰান্দা কমি আহিছে । শ্বিলং এতিয়াও তেওঁৰ হাড়ে-হিমজুৱে শিপাই থকা বুলিও উল্লেখ কৰে ।

লগতে তেওঁ শ্বিলঙত থকা সেই সময়ৰ সমাজখনৰ বিষয়েও উল্লেখ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰা আনগৰাকী গল্পকাৰ তথা ঔপন্যাসিক বন্তি শেনছোৱাই শ্বিলঙত পঢ়িবলৈ গৈ লগ পোৱা অসমীয়া সমাজখন তথা শ্বিলঙত কটোৱা দিনৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে । কবি-গল্পকাৰ অতনু ভট্টাচাৰ্যয়ো জাকাৰান্দা উপন্যাসখনৰ বিষয়বস্তুৰ প্ৰসংগক্ৰমে শ্বিলঙৰ বৰ্তমান আৰু অতীতৰ বিষয়ে উল্লেখ কৰে । কবি ভট্টাচাৰ্যই সময় বাগৰাৰ লগে লগে শ্বিলঙৰ সমাজখনৰ লগতে সংকুচিত হৈ অহা অসমীয়া সমাজখনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে ।

বিশেষকৈ অসমীয়া ঘৰবোৰ ক্ৰমে নাইকিয়া হোৱাৰ কথা তেওঁ কয় । অসমীয়া মানুহৰ প্ৰতি খাচীয়া লোকসকলৰ দৃষ্টিভংগী, খাচীয়া ল'ৰাৰ সৈতে ল'ৰালিকালত কৰা খেল-ধেমালি আদিৰ বিষয়েও ভট্টাচাৰ্ই উল্লেখ কৰে । উল্লেখ্য, মঙলবাৰে বিয়লি অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট সাহিত্যিকৰ লগতে বহুকেইজন নতুন প্ৰজন্মৰ লেখক-লেখিকা আৰু আন আন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :NF Railway Half Marathon : ৰে'লৱে নৰ্থ ইষ্ট হাফ মাৰাথনৰ T-Shirt মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.