গুৱাহাটী,১৯ ফেব্ৰুৱাৰী : অসমত নাম সলনি কৰাৰ প্ৰক্ৰিয়া (Renaming of places and roads in Assam) আৰম্ভ কৰিয়েই মুখ থেকেচা খালে চৰকাৰে । অসমৰ সংস্কৃতি, ঐতিহ্যৰ পৰিপন্থী নামৰ স্থানসমূহৰ নাম সলনি কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে শীঘ্ৰে এটা প'ৰ্টেল মুকলি কৰিব বুলি ঘোষণা কৰিছিল । ইয়াৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্ক । কিন্তু বিতৰ্কৰ মাজতে গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছিল এক বিশেষ বিজ্ঞাপন ।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছিল যে পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । এই ক্ষেত্ৰত ৰাইজে নিজৰ মতামত দাখিল কৰিব পাৰিব । ৰাইজৰ মতামতৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা ১৫ দিনলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে । কিন্তু বিজ্ঞাপনটো প্ৰকাশৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া তথা বিতৰ্কৰ সৃষ্টি হয় ।
ৰাইজৰ মতামতৰ বাবে ১৫ দিনৰ সময় দিয়া হৈছিল যদিও ইয়াৰ পূৰ্বেই বিজ্ঞাপন সম্পৰ্কীয় উক্ত ৰাজহুৱা জাননী উঠাই লোৱাৰ বাবে নতুনকৈ জাননী জাৰি কৰা হয় । উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমে পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰা সন্দৰ্ভত ৰাজহুৱা জাননী জাৰি কৰিছিল । ইয়াক লৈ বিতৰ্ক হোৱাৰ পাছতে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ যুটীয়া সচিবে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত লৈ পত্র প্ৰেৰণ কৰি নাম সলনিৰ উক্ত জাননী উঠাই লোৱাৰ বাবে নিৰ্দেশ দিয়ে (Order to withdraw road renaming notice)।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ দৰে দেশৰ অন্য বিজেপি শাসিত ৰাজ্যসমূহৰ পদাংক অনুসৰণ কৰি অসমতো চৰকাৰৰ উদ্যোগত ঠাইৰ নাম সলনিৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা । এই ক্ষেত্ৰত তেওঁ গুৱাহাটীৰ কালাপাহাৰৰ নাম উদাহৰণ হিচাপে দাঙি ধৰিছে ।
আনহাতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে পুনৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্রতিনিধিত্ব কৰিব লাগে । সমগ্ৰ ৰাজ্যত আমাৰ সভ্যতা, সংস্কৃতিৰ পৰিপন্থী আৰু যিকোনো জাতি বা সম্প্রদায়ৰ বাবে সন্মানহানিকৰ ঠাইৰ নাম পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আহ্বানৰ বাবে প'ৰ্টেল এটা মুকলি কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে । আনহাতে মাজুলীতো এই সন্দৰ্ভত মতামত প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে কিছুমান ঠাইৰ নাম কিছুমান জনগোষ্ঠীৰ প্ৰতি হেয়সূচক ।
এইক্ষেত্ৰত তেওঁ কুকুৰমুতা, চাৰাপভাটি আদি নাম উল্লেখ কৰি এনেকুৱা নাম ভাল নহয় বুলি সদৰি কৰিছিল । উল্লেখ্য যে কালাপাহাৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙিছিল । কালাপাহাৰৰ নামত এখন ঠাই থকাৰ কোনো যুক্তি থাকিব নোৱাৰে ।
স্থানীয় বিধায়কে ইয়াৰ বাসিন্দাৰ লগত আলোচনা কৰি কালাপাহাৰ নামৰ সলনি নতুন নাম এটা দিব লাগে । কামাখ্যা মন্দিৰ ভঙা লোক এজনক স্মৰণ কৰি থকাৰ যুক্তি থাকিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল । অসমত এনেকুৱা বহু ঠাইৰ নাম আছে যাক সেই ঠাইৰ লোকে ক'বলৈ ভাল নাপায় । কিছুমান জাতিক তুচ্চ কৰি কিছুমান ঠাইৰ নাম ৰখা হৈছিল ।
সেই নামবিলাকো পৰিৱৰ্তন কৰিব লাগে । কালাপাহাৰৰ পৰা সেই কামৰ আৰম্ভণি কৰিব পাৰি বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল । মুখ্যমন্ত্রীৰ ঘোষণাৰ পাছতে প'ৰ্টেল মুকলিৰ পূৰ্বেই চৰকাৰীভাৱে নতুন নাম দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও প্ৰথম খোজতে থমকি ৰ'ব লগা হ'ল ।
লগতে পঢ়ক :মহাৰাষ্ট্ৰত নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই