গুৱাহাটী, 15 ডিচেম্বৰ : GMC ক বছৰ বছৰ ধৰি কৰ ফাঁকি দি আহিছে বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৷ বছৰ বছৰ ধৰি বিদ্যালয়সমূহে আদায় দিয়া নাই কোটি কোটি টকাৰ কৰ ৷ সেয়ে এতিয়া বিদ্যালয় সমূহলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC notice issued to private school) ৷
গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation notice issued) ৰ অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া মতে, বিগত 10 বছৰৰো অধিক কাল ধৰি কৰ ফাঁকি দি আহিছে বিদ্যালয়সমূহে ৷ প্ৰায় 7 কোটি টকা কৰ দিবলৈ বাকী আছে 250 খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৷ কৰ ফাঁকি দিয়া বিদ্যালয় সমূহৰ তালিকাত আছে বহু আগশাৰীৰ বিদ্যালয়ৰ নাম ৷
গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্ক’ বিদ্যালয়ে (GMC notice issued to Don Bosco school) পৰিশোধ কৰিবলৈ বাকী আছে প্ৰায় 1 কোটি টকাৰ কৰ ৷ সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰ একাডেমী, মহৰ্ষি বিদ্যা মন্দিৰ , ৰয়েল গ্ল’বেল স্কুল, সৰলা বিৰলা, জ্ঞানজ্যোতিকে আদি কৰি মহানগৰীৰ ২৫০ খন বিদ্যালয়ৰ নাম তালিকাত সন্নিৱিষ্ট হৈছে ।
আনকি গুৱাহাটী পৌৰ নিগমে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে(GMC notice issued to Assam Jatiya Bidyalay) দিবলৈ বাকী আছে লাখ লাখ টকাৰ কৰ ৷
ইতিমধ্যে কৰ ফাঁকি দিয়া প্ৰতিখন বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এখন জাননী ৷ 15 দিনৰ পিছত পুনৰ প্ৰেৰণ কৰা হ'ব আন দুখন জাননী ৷ ইয়াৰ পিছতো যদি বিদ্যালয়সমূহে কৰ পৰিশোধ নকৰে, তেন্তে সেই বিদ্যালয়সমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ এই সকিয়নী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC notice issued to private school) ৷
লগতে পঢ়ক : অন্ত নোহোৱা হৈছে ৰাকেশ পালৰ কার্যকালত সংঘটিত কেলেংকাৰীৰ