ETV Bharat / state

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে সকলো শিক্ষাৰ্থীয়ে নাপাই প্ৰতিষেধক - ৰাজ্যত অব্যাহত আছে ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে প্ৰতিষেধক প্রদানৰ বাবে নির্দেশ দিছিল (Teens vaccination status in Assam)। ৰাজ্যখনত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে প্রায় ২০.৩৭ লাখ । কিন্তু এতিয়ালৈকে ৰাজ্যখনত এই বয়সৰ প্ৰায় ১০ লাখেহে প্রথম পালি প্ৰতিষেধক লাভ কৰিছে ।

Assam
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে সকলো শিক্ষাৰ্থীয়ে নাপাই প্ৰতিষেধক
author img

By

Published : Feb 6, 2022, 2:53 PM IST

গুৱাহাটী,৬ ফেব্রুৱাৰী : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া (Vaccination progress of Assam)। বিশেষকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী তথা শিক্ষাৰ্থীসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে । কিন্তু বৰ্তমান পৰিস্থিতিত ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৰাজ্যৰ সকলোৱে ক'ভিড-১৯ৰ প্ৰতিষেধক লাভ কৰাৰ কোনো সম্ভাৱনা নাই । কিয়নো এতিয়ালৈকে ৰাজ্যখনৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ প্রায় ৫০ শতাংশইহে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে (Teens vaccination status in Assam)।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-not-everyone-between-the-ages-of-15-18-will-be-vaccinated-before-exam-7209925_06022022130515_0602f_1644132915_17.jpeg
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে সকলো শিক্ষাৰ্থীয়ে নাপাই প্ৰতিষেধক

উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে প্ৰতিষেধক প্রদানৰ বাবে নির্দেশ দিছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যখনত অত্যন্ত লেহেমগতিত প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে । স্বাস্থ্য বিভাগৰ এটা সূত্রই জনোৱা মতে ৰাজ্যখনত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে প্রায় ২০.৩৭ লাখ । কিন্তু এতিয়ালৈকে ৰাজ্যখনত এই বয়সৰ প্ৰায় ১০ লাখেহে প্রথম পালি প্ৰতিষেধক লাভ কৰিছে ।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক

এনে পৰিস্থিতিত অনাগত ২৪ দিনত বাকী থকা প্রায় ১১ লাখ লোকক যে প্ৰতিষেধক দিবলৈ স্বাস্থ্য বিভাগ সক্ষম হ'ব, তাত সন্দেহ আছে । কিয়নো ৩ জানুৱাৰীৰ পৰাই ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্রদানৰ কাম আৰম্ভ হৈছিল । কিন্তু বিগত এটা মাহত এই বয়সৰ প্ৰায় ৫০ শতাংশইহে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে প্রথম পালি প্ৰতিষেধক গ্ৰহণৰ ২৮ দিন যিসকলৰ অতিক্রম কৰিছে, তেওঁলোকক দ্বিতীয় পালি প্ৰতিষেধক প্রদানৰ কাম আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সংখ্যাই লাখৰ ঘৰ অতিক্রম কৰা নাই । প্ৰ‍াপ্ত তথ্য মতে কামৰূপ মহানগৰ জিলাত প্ৰতিষেধক ল'বলগীয়া কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে ৯৭,৫২৬ গৰাকী । কিন্তু জিলাখনত এতিয়ালৈকে প্রায় ৪৫ হাজাৰ কিশোৰ-কিশোৰীয়েহে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

প্ৰতিখন জিলাতে বহু কিশোৰ-কিশোৰীয়ে প্ৰথম পালি প্ৰতিষেধক ল'বলৈ বাকী আছে । মন কৰিবলগীয়া কথা যে ১৫ মার্চৰ পৰা অনুষ্ঠিত হ'ব মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । উক্ত পৰীক্ষাৰ পূর্বে সকলো ছাত্র-ছাত্রীয়ে যাতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছিল ।

কিন্তু এতিয়া যি গতিত প্ৰতিষেধক প্রদান প্ৰক্ৰিয়া চলি আছে তাৰ পৰা স্পষ্ট হৈ পৰিছে যে পৰীক্ষাৰ পূর্বে প্ৰতিষেধক দিয়া কাম সম্পূর্ণ নহয় (Assam likely to miss teens' vaccination target)। এনে পৰিস্থিতিত এতিয়া প্ৰতিষেধক নোলোৱাকৈয়ে পৰীক্ষা দিব লাগিব বহুসংখ্যক ছাত্র-ছাত্রীয়ে । যাক লৈ বহু অভিভাৱকে এতিয়া শংকা ব্যক্ত কৰিছে ।

লগতে পঢ়ক:'চান্দা' সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য 'ভুতৰ মুখত ৰাম নামৰ দৰে' : অসম প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.