ETV Bharat / state

ISL in Guwahati : আজি গুৱাহাটীত হায়দৰাবাদ এফচিৰ মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড

author img

By

Published : Oct 13, 2022, 12:39 PM IST

আজি সন্ধিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড মুখামুখী হ'ব বিগত বৰ্ষৰ চেম্পিয়ন হায়দৰাবাদ এফ চিৰে (ISL in Guwahati) । খেলখনক লৈ এতিয়া উৎসাহী প্ৰতিগৰাকী ফুটবলপ্ৰেমী । নৰ্থ-ইষ্ট ইউনাইটেডত (5 footballer from Assam in North East United) অসমৰ পৰা অৰ্ন্তভুক্ত হৈছে পাঁচজনকৈ খেলুৱৈ ।

ISL in Guwahati
ISL in Guwahati

গুৱাহাটী, ১৩ অক্টোবৰ : দুবছৰৰ অপেক্ষাৰ অন্তত গুৱাহাটীলৈ (ISL in Guwahati) পুনৰ উভতি আহিছে দেশৰ শ্ৰেষ্ঠ পেছাদাৰী ফুটবল প্রতিযোগিতা হিৰো ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ ৰোমাঞ্চ (Hero Indian Super League) ।

চলিত নৱম সংস্কৰণত বৃহস্পতিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ'বলগা মেচত ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড মুখামুখী হ'ব বিগত বৰ্ষৰ চেম্পিয়ন হায়দৰাবাদ এফ চিৰ সৈতে (NE FC vs Hyderabad FC match in Guwahati) । উভয় দলৰে এয়া লীগ পৰ্যায়ত দ্বিতীয়খন মেচ । নর্থ-ইষ্ট ইউনাইটেডে প্রথম মেচত পৰাস্ত হৈ ছিজনটোত অভিযান আৰম্ভ কৰিছে ।

শ্ৰী কাণ্টিৰাবা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত বাংগালুৰু এফ চিয়ে ১-০ গ'লত পৰাস্ত কৰে নৰ্থ-ইষ্ট ইউনাইটেডক (ISL defending champion Hyderabad FC) । ইফালে হায়দৰাবাদ দলে পুনেত মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে ছিজনৰ প্ৰথম মেচখন ৩-৩ গ'লত ড্র খেলে । গুৱাহাটীত নৰ্থ-ইষ্ট ইউনাইটেডে নিজৰ ৫০ নম্বৰ মেচখন খেলিব আৰু এই গৌৰৱময় ক্ষণক দলটোৱে সমর্থকক জয়ৰে আনন্দ দিয়াৰ আশা ব্যক্ত কৰিছে ।

আজি গুৱাহাটীত হায়দৰাবাদ এফচিৰ বিৰুদ্ধে নৰ্থ ইষ্ট এফচি

কিন্তু ঘৰুৱা দলৰ বাবে এয়া একেবাৰে সহজ নহ'ব । কাৰণ বিগত পাঁচখন মেচত হায়দৰাবাদক পৰাস্ত কৰিবলৈ কোনো দলে সক্ষম হোৱা নাই । ইফালে আই এছ এলৰ লগতে দুবছৰৰ পাছত গুৱাহাটীলৈ খেলিবলৈ আহিছে অসমৰ হলীচৰণ নাৰ্জাৰী (Assam footballer Halisaran Narjary) । পিছে ঘৰুৱা দলৰ হৈ নহয়, হায়দৰাবাদৰ তাৰকা ষ্ট্ৰাইকাৰ হৈ তেওঁ আহিছে ।

ইতিমধ্যে প্রথম মেচতে হলীচৰণ নাৰ্জাৰীয়ে মুম্বাইৰ বিৰুদ্ধে গ'ল কৰি চমকপ্ৰদ আৰম্ভণি কৰিছে । আজি সৰুসজাইত হ'ব আই এছ এলৰ মহাৰণ । নৰ্থ-ইষ্ট ইউনাইটেডত (North East United FC) অসমৰ পৰা অৰ্ন্তভুক্ত হৈছে পাঁচজনকৈ খেলুৱৈ । দলটোত আছে গৌৰৱ বৰা, নিখিল ডেকা, প্ৰজ্ঞান গগৈ, দিপু মিৰ্ধা আৰু পাৰ্থিৱ গগৈ (5 footballer from Assam in North East United) । আজি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ এতিয়া উৎসাহী প্ৰতিগৰাকী ফুটবলপ্ৰেমী ৷

লগতে পঢ়ক :BCCI election 2022: দেৱজিৎ লন শইকীয়া BCCI ৰ নতুন সমিতিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.