গুৱাহাটী, 17 আগষ্ট: আগন্তুক লোকসভা নিৰ্বাচনকলৈ বিজেপি আৰু বিজেপিৰ বিৰোধী দলসমূহে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ দিল্লীত আপ আৰু কংগ্ৰেছৰ মাজত অনুষ্ঠিত হৈ যোৱা বৈঠকক লৈ বিভিন্ন বিতৰ্ক তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৷ আসন ভাগ বতোৰাৱাক লৈ দুয়ো দলৰ মাজত মনোমালিন্য হোৱাৰ চৰ্চা চলি আছে ।
লক্ষণীয় যে বিৰোধীৰ ঐক্য I.N.D.I.A গোটত কংগ্ৰেছ আৰু আপ আছে । আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট মেলা বুলি ব্যাপক চৰ্চা লাভ কৰি আছে । কেজৰিৱালে I.N.D.I.A গোটৰ তৃতীয় বৈঠক বৰ্জন কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰি আছে । দিল্লীৰ লোকসভাৰ আসন ভাগ-বতৰাক লৈ কংগ্ৰেছৰ স্থিতিত আপ সন্তুষ্ট নহয় বুলি চৰ্চা চলি আছে ৷
মুম্বাইত হ’ব লগা I.N.D.I.A গোটৰ বৈঠক আপে বৰ্জন কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে অসমৰ আপৰ ৰাজ্যিক সমম্বয়ক ভৱেন চৌধুৰীয়ে কয়স, ‘‘ইতিমধ্যে দিল্লীত শেহতীয়া আপ আৰু কংগ্ৰেছৰ বৈঠকত আসনক লৈ যি বিতৰ্ক হোৱা বুলি প্ৰচাৰ চলিছে সেয়া বৃহস্পতিবাৰে পুৱা দিল্লীৰ কংগ্ৰেছৰ তত্বাবধায়কৰ দায়িত্বত থকা দীপক বাবাৰিয়াই স্পষ্ট কৰি দিছে । আচলতে তেনেধৰণৰ আসনকলৈ কোনো আলোচনা হোৱা নাই ।’’
তেওঁ আৰু কয় যে বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অলকা লাম্বাই কৈছিল,‘‘দিল্লী যাৰ, দেশ তাৰ ৷’’ কৰ্মকৰ্তাসকলক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ দলৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে ৷ এতিয়ালৈকে শীৰ্ষ নেতৃত্বই 18খন ৰাজ্যৰ দলীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে ৷ ইয়াৰ সাতখন আসনতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সকলোকে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।
লগতে কয়, ‘‘হাইকমাণ্ডৰ পৰাও নিৰ্দেশ পোৱা গৈছে যে, দিল্লীৰ সাতখন আসনতে জয়ী হ’বলৈ আমি নিজাববীয়াকৈ প্ৰস্তুতি চলাব লাগিব । দিল্লীৰ জনসাধাৰণে কংগ্ৰেছৰ কাম-কাজ দেখিছে । আজিও তেওঁলোকে নাম লৈছে । এতিয়া আমি তেওঁলোকৰ আস্থা আৰু অধিক শক্তিশালী কৰিব লাগিব । আজিৰ পৰাই আমি ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব ।’’
কিন্তু অলকা লাম্বাৰ সকলো বক্তব্যক বৃহস্পতিবাৰে দীপক বাবাৰিয়াই নস্যাৎ কৰি কয় যে অলকা লাম্বাৰ এনেধৰণৰ বক্তব্য দিয়াৰ কোনো কতৃত্ব নাই । ভৱেন চৌধুৰীয়ে কয় যে আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট মেলা বুলি ব্যাপক চৰ্চা লাভ কৰি আছে সেয়া মিছা কথা । কেজৰিৱালে I.N.D.I.A গোটৰ তৃতীয় বৈঠক বৰ্জন কৰিব বুলি লাভ ব্যাপক চৰ্চা সম্পূৰ্ণ ভিত্তিহীন ।
আগন্তুক লোকসভা নিৰ্বাচনক লৈ মুম্বাইত হ'বলগীয়া I. N.D.I.A গোটৰ তৃতীয় বৈঠক সকলো কথা স্পষ্ট হ'ব । তেওঁ কয় যে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী দলৰ মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । আনহাতে, আপ অসমে অসমৰ সকলো জিলাত দলটোৰ সংগঠনক শক্তিশালী কৰাৰ লগতে লোকসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানেৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ।
লগতে পঢ়ক: AAP-Congress in Delhi: আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট ! কেজৰিৱালে বৰ্জন কৰিব I.N.D.I.A গোটৰ তৃতীয় বৈঠক !