ETV Bharat / state

পাহাৰৰ বাসিন্দাক উচ্ছেদ নকৰে চৰকাৰে: মুখ্যমন্ত্ৰী - Assam assembly

বহুসংখ্যক লোকে গুৱাহাটী মহানগৰীৰ পাহাৰত দীৰ্ঘদিন ধৰি বাস কৰাৰ পাচতো ভূমি পট্টা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ শুকুৰবাৰে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই এই সকল লোকলৈ লৈ আনিছে আশাৰ বতৰা ৷

no-eviction-will-be-there-for-hill-area-residents-says-assam-cm
পাহাৰৰ বাসিন্দাক উচ্ছেদ নকৰে চৰকাৰে: মুখ্যমন্ত্ৰী
author img

By

Published : Jul 16, 2021, 9:44 PM IST

গুৱাহাটী, ১৬ জুলাই: গুৱাহাটী মহানগৰীৰ বিভিন্ন পাহাৰ অঞ্চলত দীৰ্ঘ সময়ৰ পৰা বহুলোকে বসবাস কৰি আহিছে ৷ কিন্তু, ইয়াৰ পাচতো বৰ্তমানলৈকে পট্টা নোপোৱাকৈ থকা লোকসকলক শীঘ্ৰে পট্টা প্ৰদান কৰিব চৰকাৰে । শুকুৰবাৰে, বিধানসভা(Assam assembly)ত বিত্তমন্ত্ৰী(finance minister)এ বাজেট দাখিল কৰাৰ পাচতে এখন সংবাদমেলত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ।

পাহাৰৰ বাসিন্দাক উচ্ছেদ নকৰে চৰকাৰে: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "যিসকল প্ৰকৃত ভাৰতীয় লোক পাহাৰত পূৰ্বৰে পৰা বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ(eviction) কিম্বা স্থানান্তৰ কৰা নহয় । বৰং তেওঁলোকক ভূমি পট্টা(land patta) প্ৰদান কৰি সেই ঠাইতে সংস্থাপিত কৰা হব । কিন্তু, নতুনকৈ কোনো লোকে পাহাৰত বসতি স্থাপন কৰিব খুজিলে তেওঁলোকক তাৰ পৰা আতৰাই পঠিওৱা হ’ব ।

ড্ৰোণৰ জৰিয়তে এই বিষয়টো নিৰীক্ষণ কৰা হ’ব বুলি জানিবলৈ দি শুকুৰবাৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখনক মধ্যবিত্তৰ বাজেট(budget for the middle class) বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তেওঁ লগতে কয় যে, এনে ক'ভিড কালত এটকাও কৰ আৰোপ নকৰাকৈ এনে এখন বাজেট দাখিল কৰাৰ বাবে বিত্তমন্ত্ৰী গৰাকী ধন্যবাদৰ পাত্ৰ । এইখন বাজেট নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাজেট বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে, শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী গৰাকীয়ে বিধান সভাত বাজেট দাখিল কৰাৰ পাচত সমগ্ৰ ৰাজ্যত বাজেটখনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.