গুৱাহাটী,10 মাৰ্চঃ গৰমৰ দিন মানে উৎকট ৰ'দ ৷ উৎকট ৰ’দে দহিছে মহানগৰবাসীক ৷ জীৱন সংগ্ৰামৰ নামত মহানগৰবাসীয়ে ব্যস্ততাৰ মাজত মুখামুখি হ’বলগীয়া হৈছে গৰমৰ । কাৰোবাৰ বাবে যদি গৰমৰ দিন আমনিদায়ক আকৌ কাৰোবাৰ বাবে গৰমৰ দিন এক আশাৰ ৰেঙণি । মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ ওচৰে-পাঁজৰে থকা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন বিশেষ দোকানে গৰমৰ দিনত পথচাৰীসকলক সকাহ প্ৰদান কৰি আহিছে ৷
এই ক্ষুদ্ৰ প্ৰতিষ্ঠানখন হৈছে এখন নেমু চৰবতৰ দোকান । য’ত গৰমৰ দিনত শীতল পানীয় যোগান ধৰাৰ লগতে মানুহক দি অহা হৈছে সকাহ । গৰমৰ দিন সমাগত হোৱাৰ লগে লগে ব্যৱসায়ী গৰাকীৰ দৈনিক উপাৰ্জন হয় 10-12 হাজাৰ টকা । তেঁতেলী, থেকেৰা, পদিনা তথা অন্য সকলো থলুৱা উপকৰণেৰে ব্যৱসায়ীজনে তৈয়াৰ কৰে নেমু পানী । চাফ-চিকুণতা আৰু পানীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ব্যৱসায়ী গৰাকীয়ে । নেমু দোকানখনত বহি গা শাঁত পেলায় সমীপৰ কাছাৰীৰে আহ-যাহ কৰা সকলো লোকৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ কংক্ৰীটৰ মহানগৰীত গৰমৰ বাবে মহানগৰবাসীয়ে এনেদৰেই গা শাঁত পেলোৱাটো এতিয়া সুলভ দৃশ্যত পৰিণত হৈছে । এনেদৰে গৰম দিনৰ বাবে মহানগৰবাসীয়ে শীতল পানীয়ৰে গা জুৰ পেলোৱাৰ লগতে নেমু ব্যৱসায়ীসকলৰ উপাৰ্জনৰ পথ মুকলি হৈছে ।
লগতে চাওকঃশিৱসাগৰত ফাকুৱাৰ ব্যাপক উচাহ