ETV Bharat / state

পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা - পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ফেব্ৰুৱাৰী মাহৰ শেষত স্বাস্থ্য কৰ্মীৰ প্ৰতিষেধক দিয়াৰ পাছত মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা পঞ্চাশ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা ব্যৱস্থা কৰা হ’ব: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

NRHM_DIRECTOR PRESS MEET
পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা
author img

By

Published : Feb 22, 2021, 6:12 PM IST

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : চলিত বৰ্ষ জানুৱাৰী মাহৰ পৰা অসমত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত সংখ্যা ৷ ১৫ ফেব্ৰুৱাৰী ৰাজ্য়ত ১১ জন ক’ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭ ফেব্ৰুৱাৰীত, ২১ জন, ১৮ ফেব্ৰুৱাৰীত ১৯ জন, ২০ ফেব্ৰুৱাৰীত ১৬ জন আৰু ২১ ফেব্ৰুৱাৰী দেওবাৰে ন জনকৈ লোক ক’ৰণাত আক্ৰান্ত হৈছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আয়ুক্ত সচিব সমীৰ সিনহাই সোমবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে এই তথ্য ৷ আয়ুক্ত সচিবগৰাকীয়ে ক’ৰণা মহামাৰী পৰিস্থিতিৰ সন্দৰ্ভত সংবাদ মাধ্যমক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জনোৱা লগতে ভেকচিন প্ৰদানৰ বিষয়ে অৱগত কৰে ৷ বিষয়াগৰাকীয়ে মহাৰাষ্ট্ৰ কেৰালা আদি ৰাজ্যৰ তুলনাত অসমত ক’ৰণা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও জানুৱাৰী মাহৰ পৰা আক্ৰান্ত সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে ৷

পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সংবাদমেলত স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশত বৰ্তমানলৈকে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক ক’ৰণাত আক্ৰান্ত হৈছে ৷ অসমত এই সংখ্যা ২ লাখলৈ বৃদ্ধি হৈছে ৷ ক’ৰণাৰ এই ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে সকলোকে সজাগ সচেতন হৈ থকাৰ লগতে ক’ভিড প্ৰ’টকলৰ সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ৷ তেওঁ লগতে ক’ৰণা মহামাৰী সময়ত সন্মুখত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্য কৰ্মী, নাৰ্ছ, অঙ্গনবাড়ী কৰ্মী, পঞ্চায়ত কৰ্মীসকলক ভেকচিন প্ৰদান কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ৷

সমীৰ সিনহাই ফেব্ৰুৱাৰী মাহৰ শেষত স্বাস্থ্য কৰ্মীৰ প্ৰতিষেধক দিয়াৰ পাছত মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা পঞ্চাশ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ পঞ্চাশ বছৰ উৰ্দ্ধৰ লোক সহজে ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱা আশংকা থকাৰ বাবেই এইসকল লোকক স্বাস্থ্য বিভাগে শীঘ্ৰে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ আয়ুক্ত সচিব গৰাকীয়ে সকলোকে প্ৰতিষেধকে ল’বলৈ আহ্বান জনায় ৷ তেওঁ স্বাস্থ্য বিভাগৰ সকলো কাৰ্যালয়ত এই ব্যৱস্থা কৰা হ’ব বুলি সদৰি কৰে ৷ বৰ্তমান ৰাজ্যৰ ৰেলৱে ষ্টেচন, বিমান বন্দৰৰ তথা যাতায়তৰ সকলো স্থানত ক’ভিড টেষ্টৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : আলফা এতিয়া গণবিচ্ছিন্ন: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.