গুৱাহাটী,6 ফেব্ৰুৱাৰী: শনিবাৰে ৰে’লৱে বাজেট সন্ধৰ্ভত উত্তৰ-পূৱ ৰে’লৱেৰ মহাপ্ৰৱন্ধকগৰাকীয়ে আয়োজন কৰে এখন সংবাদমেল ৷ 2021-22 বৰ্ষৰ সাধাৰণ বাজেটক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মহাপ্ৰৱন্ধক গৰাকীয়ে ৷ উল্লেখ্য যে, এইবেলি ৰে’লৱে বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৮০৬০ কোটি টকা ধাৰ্য কৰা হৈছে ৷ সমান্তৰালকৈ ৰে’লৱেত যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷
শনিবাৰৰ সংবাদমেলত উত্তৰ পূৰ্বাঞ্চল ৰে’লৱেৰ মহাপ্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়ে যে, ক'ভিডৰ সময়ত ৰাজ্যত ৭২৫ খন বিশেষ ৰে’লসেৱা প্ৰদান কৰা হৈছিল ৷ লগতে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত ৰে’ল লাইন সংযোগ কৰাৰ পৰিকল্পনা কৰিছে দেশৰ ৰে’ল বিভাগে ৷ ২০২৩ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৬ টা লাইনত বিদ্যুৎ চালিত ৰে’ল আৰম্ভ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷
ইয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ম্যানমাৰ আৰু বাংলাদেশক ৰে’লপথৰ জৰিয়তে সংযোগ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনালে মহাপ্ৰৱন্ধক অনশুল গুপ্তাই ৷ ইতিমধ্যে বাংলাদেশৰ সৈতে ৩ টা লাইন সংযোগ কৰা হৈছে ৷ ইয়াৰ উপৰিও আগৰতলা আৰু হালধীবাৰী মাজৰ ৰে’লসেৱা অহা ৩ মাহৰ ভিতৰত পুনৰ আৰম্ভ কৰা হ'ব বুলি শনিবাৰে ঘোষণা কৰিলে উত্তৰ পূৰ্বাঞ্চল ৰেলৱে’ৰ মহাপ্ৰবন্ধক গৰাকীয়ে ৷