ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ - NEWS TODAY

9 বজাৰ শীৰ্ষ দহটা খবৰ

NEWS TODAY
9 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 6, 2020, 9:03 AM IST

ETV facebook ETV ETV জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা

যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান জোনাই আৰক্ষীৰ ৷ প্ৰায় 12 হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে যান-বাহন আইন উলংঘাকাৰীৰ পৰা ৷

মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ

অসমৰ ভূমিত মিজো আগ্ৰাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে কাছাৰ জিলাত CPIM য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ লায়লাপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ ধলাই শাখাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন

মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন । প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হোৱা এই সমাৰোহত 300 ৰো অধিক লোকে যোগদান কৰে 'অসম জাতীয় পৰিষদ'ত ।

মূল্য বৃদ্ধি ৰোধৰ দাবীৰে কলিয়াবৰত উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ প্ৰতিবাদ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে সদস্য সকলে ৷

বিশ্ব শান্তিৰ উদ্দেশ্যে তিনিচুকীয়াত বিষ্ণু যজ্ঞ

প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ তিনিচুকীয়াত বিষ্ণু যজ্ঞ ৷ ড৹ ভূপেন হাজৰিকা সেতুৰ সমীপত ৰুষ্ট প্ৰকৃতিক শান্ত কৰিবলৈ তিনিচুকীয়া জিলাৰ বৈষ্ণৱ সভাৰ উদ্যোগত লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷ বিষ্ণু যজ্ঞৰ লগতে নাম কীৰ্ত্তন,ভাগৱত পাঠৰ আয়োজন ৷ ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলি যজ্ঞ স্থলীত অৰ্পণ ৷

বৰপেটা ৰোডত এটি ৮ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা ৰোডত এগৰাকী ৮ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো বৰপেটা ৰোডৰ সমীপৰ জাখলিৰপাৰৰ খগেন সৰকাৰৰ কন্যা নিকিতা সৰকাৰৰ বুলি চিনাক্ত কৰা হৈছে ৷

JEE জালিয়াতি : 7 দিনৰ ন্যায়িক জিম্মালৈ কাকলি বুজৰবৰুৱা

JEE পৰীক্ষা জালিয়াতিৰ সৈতে জড়িত কাকলি বুজৰবৰুৱাক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ 5 দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰাৰ পাচত আজি কাকলি বুজৰবৰুৱাক হাজিৰ কৰোৱা হৈছিল আদালতত ।

চিৰাঙত বৃহৎ পৰিমাণৰ অবৈধ আতজবাজী জব্দৰ লগতে আটক এজন

বৃহস্পতিবাৰে চিৰাঙত বাসুগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ আতজবাজী জব্দ কৰাৰ লগতে যুৱ ব‍্যৱসায়ী ৰূপক চৌধুৰীকো আটক কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

মূল্যবৃদ্ধি সন্দৰ্ভত ব্যৱসায়ী সন্থাৰে যোগানমন্ত্ৰীৰ বৈঠক

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ব্যৱসায়ী সন্থাৰে যোগান বিভাগৰ বৈঠক অনুষ্ঠিত হয় । আলু-পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ সম্পৰ্কত আলোচনা কৰা হয় বৈঠকত ।

খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ

মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত খোৱাঙৰ বেজগাঁ‌ৱত ডিমৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত ধন ঠিকাদাৰে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে বৃহস্পতিবাৰে সেই ঠাই পৰিদৰ্শন কৰিলে ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমণি বৰাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.