ETV Bharat / state

News impact of ETV Bharat : পৰিষ্কাৰ হোৱাৰ দিশে মাছখোৱাস্থিত লাচিত উদ্যান

author img

By

Published : Nov 21, 2022, 8:35 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ (News impact of ETV Bharat)৷ অৱশেষত লাচিত দিৱসৰ পূৰ্বে পৰিষ্কাৰ হ’ব মাছখোৱাস্থিত লাচিত উদ্যান (AJP conducts cleanliness drive at Lachit Ghat)৷ লাচিত উদ্যানৰ কদৰ্যময় পৰিৱেশৰ বাতৰি দেওবাৰে সম্প্ৰচাৰিত হৈছিল ইটিভি ভাৰতত ৷ এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাচতে সোমবাৰে অসম জাতীয় পৰিষদৰ এটা দলে উদ্যানখনত চলাই এক চাফাই অভিযান ৷

News impact of ETV Bharat
পৰিষ্কাৰ হোৱাৰ দিশে মাছখোৱাস্থিত লাচিত উদ্যান

গুৱাহাটী, ২১ নৱেম্বৰ : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ (News impact of ETV Bharat)। অসম জাতীয় পৰিষদে চাফাই অভিযান চলালে কৰ্দযময় ৰূপত থকা লাচিত উদ্যানত (AJP conducts cleanliness drive at Lachit Ghat) । সোমবাৰে বিয়লি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদকদ্বয় ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিন্স ফাইজুৰ হক, সংগঠনিক সম্পাদক সঞ্জীৱ বৰাৰ নেতৃত যোৱা প্ৰায় ৩০ জনীয়া এটা দলে উদ্যানখনত চলাই চাফাই অভিযান ।

অৱশ্যে সোমবাৰে নিশা হোৱাৰ বাবে সম্পূৰ্ণ ৰূপে উদ্যানখন পৰিষ্কাৰ কৰিব নোৱাৰিলে অসম জাতীয় পৰিষদৰ দলটোৱে ৷ সেয়ে মঙলবাৰে পুনৰ এই লাচিত উদ্যানত দলটোৱে চাফাই অভিযান চলাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সম্পাদক প্ৰিন্স ফাইজুৰ হকে ।

উল্লেখ্য যে, দিল্লীত লাচিত দিৱসৰ উখল মাখল চলি থকাৰ সময়তে এলাগী হৈ পৰিছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা লাচিত ঘাট (Pathetic condition of Lachit Ghat) ৷ চৰকাৰে পাহৰিলে মাছখোৱাৰ লাচিত ঘাটলৈ ৷ জাৱৰৰ দ’মৰ মাজত লাচিতৰ স্মৃতি বিজড়িত উদ্যান ৷ উদ্যানখন পৰিস্কাৰ কৰিবলৈ আহৰি নাই পৰ্যটন বিভাগৰো ৷

২০১১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাছখোৱাত ব্ৰহ্মপুত্ৰৰ বুকুত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ এই প্ৰতিমূৰ্তি স্থাপনৰ দিহা কৰিছিল (Statue of Lachit Barphukan in Guwahati) ৷ সেইমৰ্মে স্থাপন কৰা হৈছিল আধাৰশিলাও ৷ ২০১৬ চনত প্ৰতিমূৰ্তিটো মুকলি কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েই ৷ লগতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষতে মুকলি কৰিছিল উদ্যান এখনো । য'ত ফলকত লিখা আছিল লাচিত বৰফুনৰ ইতিহাস (History of Lachit Barphukan) ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে উদ্বোধনৰ পাচৰে পৰা বন্ধ হৈ ৰৈছে উদ্যানখন । যাৰ ফলত লাচিত ঘাটলৈ লাচিতৰ প্ৰতিমূৰ্তি চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটকে লাচিত বৰফুকননো কোন বা শৰাইঘাটৰ ৰণ কি সেই সম্পৰ্কে গম নোপোৱাকৈয়ে উভতি যাব লগা হয় । লাচিত বৰফুকন কোন, শৰাইঘাটৰ ৰণৰ ইতিহাস আদি ফলক হিচাপে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত লাচিতৰ মূৰ্তিৰ কাষত স্থাপন কৰিবলৈ চৰকাৰক দাবী স্থানীয় সচেতন লোকৰ (Lachit Ghat sink into oblivion) ৷

লাচিত দিৱসৰ প্ৰাকমূহুৰ্তত লাচিত উদ্যানখন অবহেলিত হৈ পৰি থকা এই বাতৰি দেওবাৰে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল ৷ বাতৰি প্ৰকাশ পোৱাৰ পিছতে আজি অৰ্থাৎ সোমবাৰে অসম জাতীয় পৰিষদৰ এটা দলে উদ্যানখনত চলাই চাফাই অভিযান ৷

লগতে পঢ়ক : Lachit Divas in Assam: এফালে জন্ম জয়ন্তীৰ উখল মাখল আনফালে এলাগী লাচিত ঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.