গুৱাহাটী, নৱেম্বৰ 30 : শনিবাৰে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ভাস্কৰজ্যোতি মহন্তই ৷ সংবাদ মেল সম্বোধন কৰি তেখেতে সকলোকে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত সহযোগিতা কামনা কৰে ৷ ভাস্কৰজ্যোতি মহন্তই কয় যে, পুলিচ আৰু সংবাদ মাধ্যমে ভাতৃত্বপূৰ্ণভাৱে আগবাঢ়িব লাগে ৷ ভালখিনিক ভাল কৰি বেয়াখিনি নোহোৱা কৰিবলৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে মহন্তই ৷
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা হ'ব ৷ ৰাইজক কাষত ৰাখি আইন শৃংখলা জনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা হ'ব ৷ অসমত বৃদ্ধি পোৱা উগ্ৰপন্থী সমস্যা সমূলি সহ্য কৰা নহ'ব ৷ প্ৰয়োজনত উগ্ৰপন্থাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ ৰাইজৰ সেৱাৰ্থে বিভিন্ন পদক্ষেপ লোৱাৰ কথাও জানিবলৈ দিয়ে ভাস্কৰ জ্যোতি মহন্তই ৷
আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ত