দিল্লীত ৩.৯° ছেলছিয়াছৰে বছৰটোৰ সৰ্বনিম্ন তাপমাত্ৰা
শুকুৰবাৰে জাফাৰপুৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২.৭ ডিগ্ৰী ছেলছিয়াছ ৷ চহৰখনে শীতপ্ৰবাহৰ দিশত সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰা দেখা গৈছে ৷ বৃহস্পতিবাৰে এই তাপমাত্ৰা সৰ্বাধিক ১৫.২ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ বিপৰীতে শুকুৰবাৰে আছিল সৰ্বাধিক ১৯.৮ ডিগ্ৰী ছেলছিয়াছ ৷
দিল্লীত বাসগৃহ খহি মৃত্যু তিনিজনৰ, ছজন আহত
শনিবাৰে পশ্চিম দিল্লীৰ খেৰালাত এটা বাসগৃহ খহি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ছয়জন লোক গুৰুতৰভাৱে আহত হয় ।
হাথৰছ কাণ্ডৰ চাৰিওজন অভিযক্তক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত চিবিআইৰ
হাথৰছ কাণ্ডৰ চাৰিওগৰাকী অভিযুক্তক অনুসূচিত জাতি/অনুসূচীত জনজাতি আদালতত অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা হত্যা আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সাব্যস্ত কৰা হয় ৷ বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী 20 বৰ্ষীয় যুৱতীক চাৰিগৰাকীকৈ উচ্চবৰ্ণৰ যুৱকে ধৰ্ষণ কৰি হত্যা কৰে ৷ ইয়াৰ পিছতেই যুৱতীগৰাকী চিকিৎসাধীন অৱস্থাত দিল্লীৰ এখন হাস্পতালত মৃত্যুবৰণ কৰে ৷
ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ দেশত ২৪ ঘণ্টাত ৩৪৭ জনৰো অধিক লোকৰ মৃত্যু হৈছিল । অৱশ্যে বৰ্তমান মৃত্যুৰ এই হাৰ ১.৪৫ শতাংশলৈ হ্ৰাস পাইছে ।
মহিলাক ডেগাৰ মাৰি হত্যাৰ চেষ্টা চলোৱা যুৱকক আটক
শুকুৰবাৰে এগৰাকী মহিলাক ডেগাৰেৰে হত্যাৰ চেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ ৷ তিনিচুকীয়া আৰক্ষীয়ে শনিবাৰে যুৱক গৰাকীক আটক কৰে ৷ ডিব্ৰুগড় বৰবৰুৱাৰ পৰা যুৱক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
পাকিস্তানে ভাৰতীয় সেনাৰ বিপক্ষে উত্থাপন কৰা অভিযোগ খণ্ডন
পাক অধিকৃত কাশ্মীৰৰ সমীপত ৰাষ্ট্ৰসংঘৰ বাহনক আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা বুলি পাকিস্তানে ভাৰতীয় সেনাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল, তাক একেচাতে নস্যাৎ কৰিছে ভাৰতীয় সেনাই ৷ পাকিস্তানে দাবী কৰা অনুসৰি ভাৰতে চাৰ্জিকেল আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷
চাইবাৰ যুদ্ধৰ সম্ভাৱনা আছেঃ ৰাজনাথ সিং
দুণ্ডিগলস্থিত বায়ু সেনাৰ একাডেমীত পেৰেডত অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ভাৰতত সন্ত্ৰাসবাদীৰ ভেঁটি সম্পূৰ্ণভাৱে উৎখাত কৰিবলৈ প্ৰয়াস অব্যাহত আছে । যিকোনো পৰিস্থিতিৰে যুঁজ দিবলৈ সাজু হৈ থাকিবলৈ বায়ু সেনা বাহিনীক পৰামৰ্শ আগবঢ়ায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।
জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ
শনিবাৰে মহানগৰীৰ জালুকবাৰীত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ 50 টাকৈ বাসগৃহ জুইত জাহ যোৱাৰ লগতে 20 টাকৈ অধিক চিলিণ্ডাৰৰ বিস্ফোৰণ ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৰহস্যৰ আৱৰ্তত ৷
কৃষক বিদ্ৰোহৰ ২৪ টা দিন : অব্যাহত প্ৰতিবাদ
তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত । প্ৰচণ্ড শীতেও হাৰ মনাব পৰা নাই কৃষকক । কেন্দ্ৰীয় চৰকাৰৰে ৫ বাৰ আলোচনাত মিলিত হোৱাৰ পিছতো নিজৰ স্থিতিত অটল কৃষক ইউনিয়ন । কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ।
কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ
কৃষি বিদ্ৰোহৰ বিষয়ক লৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ বিদ্ৰোহী কৃষকলৈ সমৰ্থন আগবঢ়োৱা বাবে বিৰোধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ পাছতে চিদাম্বৰমে মোডীক বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷