ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - news@11

11 বজাৰ শীৰ্ষ দহটা খবৰ

news@11
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 13, 2020, 11:37 AM IST

ছয়গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ছয়গাঁও সমষ্টিৰ জোৰশিমূলী দাসপাৰাত বন বিভাগৰ অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈকে সক্ষম হয় । উল্লেখ্য যে,দাসপাৰা গাঁৱৰ ইব্ৰাহিম আলী নামৰ এজন লোকে উক্ত স্থানত অবধৈ ভাৱে কাঠ ফলা মিল বহুৱাই কাঠৰ এক চোৰাং ব্যৱসায় কৰি আহিছিল ৷

কৰিমগঞ্জত কোটি টকীয়া ৰাজহুৱা সভাৰ আধাৰশিলা স্থাপন

দক্ষিণ কৰিমগঞ্জৰ কনকপুৰত বৃহস্পতিবাৰে 1 কোটি 46 লাখ টকাৰ ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে স্থাপন কৰে আধাৰশিলাটো ৷

যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে 1210 গৰাকী সন্ত্ৰাসবাদীৰ নাম তালিকা

বৃ্হস্পতিবাৰে পাকিস্তানে 1,210 জন আতংকবাদীৰ তালিকা প্ৰকাশ কৰিছে ৷ যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ FIA য়ে জাৰী কৰা তালিকাখনত মুতাহিদা কাউমি মুভমেণ্টৰ নেতা আলতাফ হুছেইন আৰু পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএলএন) নাছিৰ বুটৰ এজন কৰ্মীও অন্তৰ্ভুক্ত আছে । তালিকাখনত প্ৰকাশিত নাম আৰু প্ৰফাইলত দেখা গৈছে 2008 চনৰ মুম্বাই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ নাম ৷

শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য

আৰ্থিক সংকটৰ বাবে বন্ধ হৈ পৰা শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য ঘোষনা ৷ বিগত 12 দিনে শিলঘাট সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য বন্ধ হৈ আছিল ৷ বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ সৈতে আলোচনা কৰি নগাঁৱৰ জনতা ভৱনৰ এখন সভাত সাহাৰ্য ঘোষণা কৰে ৷

জ্যোতিষীৰ পৰামৰ্শ অনুসৰি পিতৃয়ে হত্যা কৰিলে কন্যাক

ঝাৰখণ্ডত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ নিজ পিতৃয়ে হত্যা কৰিলে নিজৰ 6 বছৰীয়া কন্যাক ৷ অভিযোগ অনুসৰি, পুত্ৰ সন্তান বিচৰা পিতৃয়ে পুত্ৰ সন্তান নোহাৱাৰ বাবে জ্যোতিষীৰ পৰামৰ্শ অনুসৰি নিজ কন্যা সন্তানক হত্যা কৰিছে ৷ ইতিমধ্যে, আৰক্ষীয়ে অভিযুক্ত সুমান নাগেচীয়াক আটক কৰিবলৈ সক্ষম হৈছে আৰু সুৰমী নামৰ ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

কলগাছিয়াৰ ইছবপুৰত মানাহ নদীৰ কালৰূপ

ইছবপুৰ গাঁৱত মানাহ নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ | চপৰা চপৰে খহিছে মানাহ নৈৰ গৰা | গৰাখহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ভেটি মাটিৰ লগতে শস্য শ্যামলা খেতি পথাৰ ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ কৰাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

অযোধ্যাৰ দীপোৎসৱ : এতিয়াও বাকী 50 হাজাৰ চাকি নিৰ্মাণৰ কাম

অযোধ্যাত দীপোৎসৱ উদযাপনৰ আয়োজক সকলে দীপাৱলীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ প্ৰায় 50,000 চাকিৰ নিৰ্মাণৰ কাম বাকী আছে যদিও সোনকালে ইয়াৰ প্ৰস্তুতি সম্পন্ন হ'ব বুলি আয়োজক সকলে জনাইছে ৷ 11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই দীপোৎসৱৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে চিত্ৰকলাৰে চাকি সমূহ ধুনীয়াকৈ সজায় এক সুন্দৰ পৰিৱেশ গঢ়ি তোলে ৷

হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

কংগ্ৰেছ কৰ্মী সকলে প্ৰয়াত পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ ইয়াৰ লগতে সাংবাদিক সকলৰ সুৰক্ষা প্ৰদানৰ বাবেও চৰকাৰক আহ্বান জনাই যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূঞাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰিছে ৷

অসম আৰক্ষীত এক নৱতম সংযোজন

অসমৰ আৰক্ষী ব্যৱস্থাত এক নৱতম সংযোজন ৷ বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱালে গুৱাহাটীত Virtual Court and e-Challan Project-ৰ শুভ উদ্বোধন কৰে। ইয়াৰ যোগেদি এক কেন্দ্ৰীভূত ট্ৰেকিং ব্যৱস্থাৰ অধীনত যান-বাহন বিধি উলংঘাকাৰীয়ে ক'ৰ্টলৈ নোযোৱাকৈ ডিজিটেলী জৰিমনা দিব পাৰিব।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰীয়ে

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাবে নিৰ্বাচনী আয়োগে অধিসূচনা জাৰি কৰাৰ পূৰ্বেই মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে দমাল সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ বৃহস্পতি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি সকলোকে ভোজ-ভাত খুৱায় বিধায়ক গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.