ETV Bharat / state

APDCL কেলেংকাৰী : পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখিন হ'ব প্ৰাৰ্থী - মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰীত জড়িত কেইবাজনো উচ্চ পদস্থ বিষয়া আৰু মধ্যস্থতাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ সাজু হৈছে প্ৰায় শতাধিক প্ৰাৰ্থীক জেৰা কৰাৰ বাবে ।

new updates of apdcl scam
পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখিন হ'ব প্ৰাৰ্থী
author img

By

Published : Oct 16, 2021, 6:01 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ : এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰীত আৰু বহুতো ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনাই দেখা দিছে । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই কেলেংকাৰীত জড়িত কেইবাজনো উচ্চ পদস্থ বিষয়া আৰু মধ্যস্থতাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ সাজু হৈছে প্ৰায় শতাধিক প্ৰাৰ্থীক জেৰা কৰাৰ বাবে ।

প্ৰাপ্ত তথ্য মতে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে এই কেলেংকাৰীৰ তদন্ত আগবঢ়াই নিবলৈ অধিক তথ্য আহৰণৰ বাবে ২৭৮ গৰাকী প্ৰাৰ্থীক জেৰা কৰিবলৈ তালিকা প্ৰস্তুত কৰিছে । ইয়াৰে ১২৪ গৰাকী প্ৰাৰ্থীক ইতিমধ্যে জেৰা সম্পূৰ্ণ কৰা হৈছে ৷ ১৮ অক্টোবৰৰ পৰা পুনৰ বাকী প্ৰাৰ্থী সকলক জেৰা কৰা হ’ব ।

মনকৰিবলগীয়া যে, বহুকেইগৰাকী প্ৰাৰ্থীও এই কেলেংকাৰীৰ সৈতে পোনপটীয়াকৈ জড়িত থকাৰ তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে । তদন্তত এই তথ্যও ওলাই পৰিছিল যে একাংশ প্ৰাৰ্থীয়ে চাকৰিৰ বাবে চাৰিৰ পৰা পাঁচ লাখ টকা পৰ্যন্ত উৎকোচ দিছিল ৷ লগতে চাকৰিটো নিশ্চিত হোৱাৰ পিছত আৰু দুই তিনি লাখ টকা আদায় দিয়াৰ কথা আছিল প্ৰাৰ্থী সকলে ।

লগতে পঢ়ক: APDCL কেলেংকাৰী : অভিযুক্তক জেৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.