গুৱাহাটী, ১৩ মে': জনগণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত এইবাৰ অতি কঠোৰ হাতেৰে ক'ভিডৰ জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈছে অসম আৰক্ষী । ক'ভিডৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ ৰাখি বান্ধি দিছে কেতবোৰ নীতি-নিয়ম । সেই অনুসৰি, বৃহস্পতিবাৰৰ পৰা কামৰূপ জিলা মহানগৰত আগন্তুক ১৫ দিনলৈ প্ৰতিটো যুগ্ম তাৰিখত যুগ্ম নম্বৰৰ বাহন চলাব পাৰিব । তেনেদৰে অযুগ্ম তাৰিখত অযুগ্ম নম্বৰৰ বাহন চলাব পাৰিব বুলি এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি, সপ্তাহটোৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অযুগ্ম সংখ্যাৰ বাহনসমূহ চলাচলৰ অনুমতি থকাৰ বিপৰীতে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কেৱল যুগ্ম সংখ্যাৰ বাহনসমূহ চলাব পাৰিব ৷
১৩ মে’ৰ পৰা ক্ৰমে ১৫, ১৭, ১৯, ২১, ২৩, ২৫ মে’লৈ সেইসমূহ বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে যিসমূহৰ শেষৰটো নম্বৰ ১, ৩, ৫, ৭ আৰু ৯ অৰ্থাৎ অযুগ্ম সংখ্যাৰে শেষ হৈছে । তেনেদৰে ১৪ মে’ৰ পৰা ১৬, ১৮, ২০, ২২, ২৪ আৰু ২৬ মে’লৈ বাহনৰ নম্বৰৰ শেষৰ সংখ্যা ০, ২, ৪, ৬, ৮ ৰে শেষ হোৱা বাহনসমূহ চলাব পাৰিব । অৱশ্যে, এই ক্ষেত্ৰত চিকিৎসাজনিত আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহনৰ লগতে চৰকাৰী যান-বাহনৰ ক্ষেত্ৰত তথা জৰুৰীকালীন সেৱাৰ সৈতে জড়িতসকলৰ সৈতে এই নিৰ্দেশনা প্ৰযোজ্য নহয় বুলিও সদৰি কৰিছে প্ৰশাসনে । পুৱা ৫ বজাৰ পৰা বিয়লি ২ বজালৈ চৰকাৰী বাহনৰ বাহিৰে সকলো ধৰণৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্মৰ ব্যৱস্থা বলৱৎ থাকিব । এই নিষেধাজ্ঞা অমান্য কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব ।
লগতে পঢ়ক: নতুন ক’ভিড নীতিক লৈ কঠোৰ যোৰহাট প্ৰশাসন