ETV Bharat / state

স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক

author img

By

Published : Aug 13, 2021, 6:12 PM IST

ক'ভিড পৰিস্থিতিৰ মাজত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্রত চৰকাৰীভাৱে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা । মুকলি ঠাই বা খেলপথাৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ১৫০০ তকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰশাসনে জাৰি কৰিছে ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

গুৱাহাটী,১৩ আগষ্ট : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত ক’ভিড নীতি-নিয়ম যাতে উলংঘা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি মুকলি ঠাই বা খেলপথাৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ১৫০০ তকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।

জিলা পৰ্যায়ৰ কাৰ্যসূচীত ৫০০ তকৈ অধিক লোক আৰু মহকুমা পৰ্যায়ৰ কাৰ্যসূচীত ৩০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব । আনহাতে, মুকলি খেলপথাৰ তথা ঠাইৰ বাহিৰে আন অঞ্চল সমূহত ২০০ লোকতকৈ অধিক অনুমতি দিয়া নহয় । লগতে যদি হল বা প্ৰেক্ষাগৃহত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় তেন্তে বহিব পৰা ক্ষমতাৰ ৫০ শতাংশ বা ২০০ লোকৰ কম হ’ব লাগিব ।

new-regulation-for-independence-day-celebration

লগতে পঢ়কঃ ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

ইয়াৰ উপৰি স্বাধীনতা দিৱস উদযাপনৰ লগত জড়িত লোকৰ ক্ষেত্ৰত কাৰ্ফিউ আৰু বাহনৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নিয়ম প্ৰযোজ্য নহ’ব । নিৰ্দেশনাটোত আৰু এটা কথা স্পষ্টভাৱে উল্লেখ কৰা আছে যে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা অথবা চেনিটাইজেশ্যন ব্যৱস্থা কঠোৰভাৱে মানি চলিব লাগিব । ইফালে গুৱাহাটীৰ খানাপাৰাতো ক'ভিড প্ৰ'ট'কলৰ মাজত কিছু ব্যতিক্ৰম ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালনৰ বাবে সাজু হৈছে চৰকাৰ তথা প্ৰশাসন ।

খানাপাৰাত পূৰ্বৰ দৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিলেও এইবাৰ পূৰ্বৰ দৰে নাথাকিব কোনো উৎসাহ উদ্দীপনা ৷ কাৰণ খানাপাৰা খেলপথাৰত ৫০ শতাংশ লোকৰ উপস্থিতিহে পালন কৰা হ'ব স্বাধীনতা দিৱস । পেৰেডত নাথাকিব স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা নহ'ব সাংস্কৃতিক অনুষ্ঠান । এইবাৰো খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ দিনটোত মুক্তিযুঁজাৰু সকলক জনোৱা নহ'ব সম্বৰ্ধনা ৷

তাৰ পৰিৱৰ্তে প্ৰশাসনৰ লোকে ঘৰে ঘৰে গৈ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা জমাব । ইপিনে নিৰাপত্তা দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিছে অসম আৰক্ষীয়ে । ৪খন গেটেৰে খেলপথাৰত প্ৰৱেশৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ ৫০ টাকৈ চি চি টিভি কেমেৰা সংলগ্ন কৰা হৈছে খেলপথাৰখনত।

লগতে পঢ়কঃ নতুন ৰূপ পালে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.