ETV Bharat / state

ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ আন এক নতুন ৰাজনৈতিক দলৰ

author img

By

Published : Dec 21, 2020, 8:37 PM IST

ৰাজ্যত গঠিত হ'ল আন এক নতুন ৰাজনৈতিক দলৰ ৷ 'সংখ্যালঘু পিপুলছ পাৰ্টী' নামেৰে গঠিত হয় দলটো ৷ দলটোৰ আহ্বায়ক অধিবক্তা ৰেজাউল কৰিম ৷

new political party
ৰাজ্যৰ ৰাজনীতিত আত্নপ্ৰকাশ আন এক নতুন ৰাজনৈতিক দলৰ

কামৰূপ মেট্ট, 21ডিচেম্বৰ : আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাচতে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিৰ কুচকাৱাজ ৷ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পটভূমিত জন্ম হৈছে এটাৰ পাচত আন এটা নতুন ৰাজনৈতিক দলৰ ৷ সংখ্যালঘু ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত সোমবাৰে ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটিল আন এটা নতুন সংখ্যালঘু ৰাজনৈতিক দলৰ ৷ 'সংখ্যালঘু পিপুলছ পাৰ্টী' নামেৰে নতুন দলটো আত্মপ্ৰকাশ কৰাৰ কথা গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেল যোগে ঘোষণা কৰে দলৰ আহ্বায়ক তথা অধিবক্তা ৰেজাউল কৰিমে ৷ ৰাজ্যৰ সংখ্যালঘু সকলে বিভিন্ন সময়ত সন্মুখীন হোৱা ৰাজনৈতিক বৈষম্য সমূহ সমাধান কৰাই হ'ব দলটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য ৷ আগন্তুক ২১ৰ নিৰ্বাচনত সকলো সমষ্টিতে প্ৰাৰ্থী দিয়া হ'ব বুলি নৱ গঠিত সংখ্যালঘু দলটোৱে সংবাদমেলত প্ৰকাশ কৰে ৷

ইয়াৰ লগতে, বিজেপি, এআইইউডিএফ, কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া হ'ব বুলি প্ৰকাশ কৰে নৱগঠিত দলটোৱে ৷ দীৰ্ঘদিনে এই ৰাজনৈতিক দল সমূহে সংখ্যালঘু সকলক কেৱল ব্যৱহাৰ কৰি অহা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে "সংখ্যালঘু পিপুলছ পাৰ্টী" দলৰ আহ্বায়ক ৰেজাউল কৰিমে ৷

অন্য এক খবৰৰ বাবে: লুধিয়ানাৰ গণ ধৰ্ষণত জড়িত চাৰি অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.