গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে হোজাই জিলাত নতুন উপায়ুক্ত নিযুক্তি দিয়ে (New DC appointed in Hojai) । উল্লেখ্য় যে, হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন কৰাৰ পাছতে আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে জিলাখনত নতুনকৈ উপায়ুক্ত নিযুক্তি দিয়ে ।
সেই অনুসৰি তামুলপুৰৰ উপায়ুক্ত (DC of Tamulpur) সীমান্ত কুমাৰ দাসক হোজাইৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । সেইদৰে ৰাজ্য চৰকাৰ কৃষি বিভাগৰ যুটীয়া সচিব (Joint Secretary Department of Agriculture),অসম ৰাজ্যিক কৃষি মাৰ্কেটিং ব'ৰ্ডৰ (Assam State Agricultural Marketing Board)মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতীক তামুলপুৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।
![New DC appointed in Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-new-dc-appointed-in-hojai-7209925_29092022175238_2909f_1664454158_561.jpg)
স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল এই দুইগৰাকী বিষয়াৰ বিৰুদ্ধে । লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা । এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত । পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তিনিজন আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই ঘটনাৰ বাবেই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰা হয় ।
![New DC appointed in Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-new-dc-appointed-in-hojai-7209925_29092022175238_2909f_1664454158_604.jpg)
ইপিনে, হোজাইত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডবকাস্থিত বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন সাংগঠনিক সভাত মিলিত হোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন (Hojai DC and ADC suspended) কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘আইনৰ উৰ্ধত কোনো নহয় ৷ আইন সকলোৰে বাবে একেই ’ বুলি মন্তব্য কৰে (Minister Parimal Suklabaidya reacts) ৷
লগতে পঢ়ক:উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ