ETV Bharat / state

বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ ৩ খনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Sep 4, 2022, 4:57 PM IST

'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীর্ষক প্রবন্ধ সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক-বুদ্ধিজীৱী অৱনী বৰঠাকুৰে (New book of eminent writer Udayaditya Bharali)। 'ধলফাট' শীর্ষক গল্প সংকলনখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী, বিশিষ্ট গল্পকাৰ অৰূপা পটংগীয়া কলিতাই । উদয়াদিত্য ভৰালীৰ জীৱন আৰু সান্নিধ্যক লৈ প্ৰকাশ কৰা 'জাগ্রত বিবেক উদয়াদিত্য ভৰালী' শীর্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে ।

Udayaditya Bharali
বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ ৩ খনকৈ গ্ৰন্থ উন্মোচন

গুৱাহাটী,৪ ছেপ্টেম্বৰ : অফুৰন্ত কৰ্মস্পৃহা আৰু অদমনীয় জীৱনীশক্তিৰে বয়সৰ ওচৰত হাৰ মানিব নোখোজা ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্রন্থ দেওবাৰে উন্মোচন কৰা হয় । কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত আয়োজন কৰা গাম্ভীর্যপূর্ণ অনুষ্ঠানত 'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীর্ষক প্রবন্ধ সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক-বুদ্ধিজীৱী অৱনী বৰঠাকুৰে । আনহাতে 'ধলফাট' শীর্ষক গল্প সংকলনখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী, বিশিষ্ট গল্পকাৰ অৰূপা পটংগীয়া কলিতাই (New book of Udayaditya Bharali)।

অনুষ্ঠানত উদয়াদিত্য ভৰালীৰ জীৱন আৰু সান্নিধ্যক লৈ প্ৰায় এশজন লেখকৰ লিখনি সামৰি প্ৰকাশ কৰা 'জাগ্রত বিবেক উদয়াদিত্য ভৰালী' শীর্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে । কেইবাটাও জটিল অস্ত্ৰোপচাৰৰ যন্ত্ৰণা অতিক্রমি এতিয়াও প্ৰাণোচ্ছল উৎসাহেৰে সৃষ্টিকৰ্মত অবিৰতভাৱে ব্ৰতী হৈ থকা বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে শাৰীৰিক প্ৰত্যাহ্বান সত্ত্বেও আহি এই গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰে । শয্যাগত অৱস্থাৰ পৰাই জটিল ৰোগৰ বিৰুদ্ধে যুঁজ চলাই থকাৰ মাজতে উদয়াদিত্য ভৰালীয়ে এই অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থকেইখনৰ কাম সম্পূর্ণ কৰে ।

সেই অনুসৰি বৰ্তমানলৈকে কেইবাহেজাৰ মূল্যৱান প্ৰবন্ধৰে অসমৰ সমাজ জীৱন আৰু সৃষ্টিৰ পথাৰখনক চহকী কৰা উদয়াদিত্য ভৰালীৰ ২০ টাৰো অধিক প্রবন্ধ সন্নিৱিষ্ট হৈছে 'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীর্ষক প্রবন্ধ সংকলনখনত । আনহাতে এতিয়ালৈকে অর্ধশতাধিক গল্প, উপন্যাসেৰে সাহিত্যৰ ভঁৰাললৈ অনবদ্য অৱদান আগবঢ়াইছে ভৰালীয়ে । তথাপি ১৯৯৪ চনত কেইটামান গল্প সামৰি 'বেইমানৰ ঠিকনাৰ সন্ধান' শীর্ষক গল্প সংকলনখনৰ পিছত তেওঁৰ কোনো উপন্যাস বা গল্প গ্রন্থ আকাৰে প্ৰকাশ হোৱা নাছিল । তেওঁৰ একুৰি গল্প সামৰি প্ৰকাশ পাই 'ধলফাট' শীর্ষক এক গল্প সংকলন ।

প্ৰায় এশজন লেখকৰ লিখনি সামৰি প্ৰকাশ পোৱা 'জাগ্রত বিবেক উদয়াদিত্য ভৰালী' শীর্ষক অভিনন্দন গ্ৰন্থখনৰ মুখ্য সম্পাদনাৰ দায়িত্ব পালন কৰিছে বিশিষ্ট লেখক তথা সাংবাদিক নিত্য বৰাই আৰু সম্পাদকৰ দায়িত্ব পালন কৰিছে জ্যেষ্ঠ সাংবাদিক পৰম প্ৰকাশ গগৈ আৰু তপন চন্দ্ৰ কলিতাই । অভিনন্দন গ্ৰন্থখনত বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই, সদ্যপ্রয়াত লেখক ড° প্রফুল্ল মহন্ত, সাংসদ অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, বিশ্বজিৎ চক্ৰৱৰ্তী, ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, অৰূপ বৰবৰা, বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু, জ্যেষ্ঠ সাংবাদিক মুনীন বায়ন, চলচ্চিত্র নির্মাতা সঞ্জীৱ হাজৰিকা, সীতানাথ লহকৰ, সুদক্ষিণা শৰ্মা আদিৰ লেখা সন্নিৱিষ্ট হৈছে ।

অনুষ্ঠানত উন্মোচক সকলৰ উপৰিও কেইবাগৰাকী বক্তাই বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ জীৱন আৰু সৃষ্টিৰ লগতে তেওঁৰ অৱদানৰ বিষয়ে উল্লেখ কৰে । উল্লেখ্য যে সম্প্রতি চিকিৎসাৰত অৱস্থাতে তেওঁ উপৰোক্ত গ্রন্থকেইখনৰ কাম সুকলমে সমাপ্ত কৰাৰ পিছত এতিয়া নতুনকৈ এখন বৃহৎ কলেৱৰৰ এখন বিস্তৃত আত্মজীৱনী লিখাৰ কাম তেওঁ আৰম্ভ কৰিছে । জীৱনৰ ঘাত-প্ৰতিঘাত, অসমৰ সমাজ জীৱনৰ উত্থান-পতন, ইতিহাস সকলো সামৰি এই আত্মজীৱনীখনৰ কামৰ সমান্তৰালভাৱে তেওঁ এখন উপন্যাস সংকলনৰো পৰিকল্পনা কৰিছে ।

৩০ খনৰো অধিক উপন্যাস ৰচনা কৰা ভৰালীয়ে এই সংকলনখনৰ নাম দিব বিচাৰিছে 'গাভৰু পৰ্বতৰ পাশাখেল' । ড° সৌৰভ বৰুৱা, নিৰুপম দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড° ৰাজীৱ সন্দিকৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক কংকন ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক ড° দ্বীপেন বেজবৰুৱাই আহ্বান জনোৱা গ্ৰন্থ উন্মোচনী সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক :আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.