ETV Bharat / state

Slambook’s songs released : নতুন অসমীয়া চলচ্চিত্ৰ শ্লেমবুকৰ গীতসমূহ মুকলি - New film of NK Production

দেওবাৰে মুকলি কৰা হয় এন কে প্ৰডাকচনৰ নতুন অসমীয়া চলচ্চিত্ৰ শ্লেমবুকৰ গীত (New Assamese film Slambook’s songs released) ৷ মহানগৰীৰ কাহিলিপাৰাস্থিত এন কে ৰেচিডেঞ্চিত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে শ্লেমবুকৰ গীতসমূহ মুকলি কৰে (Zubeen Garg released Slambook songs)৷

New Assamese film Slambook's songs released
শ্লেমবুক’ৰ সংগীত মুকলি
author img

By

Published : Mar 12, 2023, 8:46 PM IST

গুৱাহাটী, ১২ মাৰ্চ : চাৰিটা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনৰ চিনাকি নাম এন কে প্ৰডাকচনৰ বেনাৰত দেৱ বৰকটকীয়ে প্ৰয়োজনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘শ্লেমবুক’ৰ সংগীত মুকলি কৰা হয় (New Assamese film Slambook’s songs released) । দেওবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত এন কে ৰেচিডেঞ্চিত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছবিখনিৰ গীতসমূহ মুকলি কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে (Zubeen Garg released Slambook songs) ।

এই অনুষ্ঠানটোত উপস্থিত থাকে শিল্পী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জনপ্ৰিয় অভিনেতা যতীন বৰা, গীতিকাৰ-কণ্ঠশিল্পী দিগন্ত ভাৰতী, গৰিমা শইকীয়া গাৰ্গ প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি । কৈশোৰৰ প্ৰথম প্ৰেম - জীৱনত কেতিয়াও পাহৰিব নোৱাৰা এক অধ্যায় ৷

এসাগৰ স্মৃতি যাৰ প্ৰতিটো মূহূর্ত আমি অসীম আৰু আৱেগ আনন্দৰে চিৰদিন মনত ৰাখিব বিচাৰো । সেই মধূৰ সময়ৰ পটভূমিতে এন কে প্ৰডাকচনৰ নতুন চিনেমা ‘শ্লেমবুক'ৰ কাহিনী (New film of NK Production) । এন কে প্ৰডাকচনে দীর্ঘদিন ধৰি উচ্চমান বিশিষ্ট তথা বহুল জনপ্ৰিয় শ্ৰব্য কেছেট, চিনেমা, ধাৰাবাহিক আদিৰ নির্মাণেৰে অসমীয়া বিনোদন জগতলৈ অৱদান আগবঢ়াই আহিছে ।

‘‘তুমি মোৰ মাথোঁ মোৰ’’, ‘মায়া’, ‘জানমণি’, ‘‘দূৰদৰ্শন-এটি যন্ত্ৰ’’ আদিয়ে অসমৰ ৰাইজৰ অন্তৰত সুকীয়া ঠাই দখল কৰি আছে । কলা আৰু সৃষ্টিৰ এই যাত্ৰা অব্যাহত ৰাখি এন কে প্ৰকডাকচনে নিৰ্মাণ কৰা নতুন ছবি ‘শ্লেমবুক’ অহা ৫ মে’ত চিত্ৰগৃহলৈ আহিব (New Assamese film Slambook)।

পৰিচালনাৰ দায়িত্বত আছে ছবি নির্মাণৰ প্ৰতি নিজৰ সমস্ত আৱেগেৰে সমৰ্পিত এজন প্ৰতিভাশালী যুৱক প্ৰাঞ্জল গয়াৰী । চিত্ৰনাট্য-সংলাপ লিখিছে বিষ্ণুজ্যোতি সন্দিকৈয়ে । নিজৰ সুৰ-সংগীত-কণ্ঠৰে শ্ৰোতা-দর্শকক যোৱা প্ৰায় তিনি দশক ধৰি মোহাচ্ছন্ন কৰি ৰখা হার্টথ্ৰ’ব জুবিন গাৰ্গে ছবিখনৰ সংগীত পৰিচালনা কৰিছে ।

ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰূহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া, মিনৰাভা বৰাই । ছবিখনৰ গীতিকাৰ হৈছে জুবিন গাৰ্গ, দিগন্ত ভাৰতী, শশাংক সমীৰ, ৰাহুল গৌতম শৰ্মা । ছবিখনত অভিনয় কৰিছে ক্ৰমে - নিৰুপম শইকীয়া, শ্ৰেষ্ঠা বি চৌধুৰী, সিদ্ধাৰ্থ মুখাৰ্জী, বিভূতিভূষণ হাজৰিকা, ৰূপম বৰুৱা, প্ৰিয়ংকা বৰুৱা, কাকলি সন্দিকৈ, পূনম লহকৰৰাণী বৰকটকী, ৰাজ দত্ত, চিন্ময় জে বৰগোহাঞি, জুবিন দাস, অভিনৱ গগৈ আদিয়ে ।

লগতে পঢ়ক : World Record with Bihu dance : জোনাইত জুন দলে আৰু গীতিমালিকা গগৈৰ নেতৃত্বত চলিছে বিহুৰ আখৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.