ETV Bharat / state

Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন - citizen financial cyber fraud reporting and management system

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ছাইবাৰ অপৰাধ(Cyber Crime) জনিত ঘটনা ৷ এই ধৰণৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে অসম আৰক্ষী(Assam Police)ত কৰা হৈছে নৱতম সংযোজন ৷ অৱলম্বন কৰিছে নতুন কৌশল ৷

new-additions-to-assam-police-to-control-cyber-crime
ছাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন
author img

By

Published : Jun 28, 2021, 10:40 PM IST

Updated : Jun 29, 2021, 7:01 AM IST

গুৱাহাটী, 28 জুন : অসম আৰক্ষীত কৰা হ'ল এক নতুন সংযোজন ৷ ছাইবাৰ অপৰাধ(Cyber Crime) প্ৰতিৰোধ কৰিবলৈ অসমৰ প্ৰতিখন থানাক প্ৰদান কৰা হ'ব cyber crime first respond kit ৷ বিশেষকৈ বেংক একাউন্টৰ ধন হৰলুকীকে ধৰি যিকোনো ছাইবাৰ অপৰাধ (Cyber Crime)ৰ বাবে অসম আৰক্ষীক প্ৰদান কৰা হ'ব এই অত্যাধুনিক যন্ত্ৰ ৷ প্ৰথম অৱস্থাত মহানগৰ আৰক্ষীক প্ৰদান কৰা হৈছে cyber crime first responder kit ৷

ছাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

সোমবাৰে অপৰাধ অনুসন্ধানকাৰী শাখা(CID) ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল চাইবাৰ অপৰাধৰ ফৰেনচিক লেব (cyber crime forensic lab) তথা প্ৰশিক্ষণ কেন্দ্ৰ(traing centre) ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰে আৰক্ষীৰ এই নৱতম সংযোজন ৷ লগতে মুকলি কৰা হয় নাগৰিকৰ বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা প্ৰণালী (citizen financial cyber fraud reporting and management system) ৰ হেল্পলাইন নমম্বৰ (helpline no) 155260 ৰ বিশেষ সেৱা ৷ এই অত্যাধুনিক সামগ্ৰী সমূহৰ বাবে 33 কোটি টকাৰ অধিক টকা খৰচ হৈছে ।

অসম আৰক্ষীৰ এই নতুন সংযোজন উদ্বোধন কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে,অসম পুলিচ দেশৰ ভিতৰতে অগ্ৰণী বিভাগ হিচাপে পৰিগণিত হৈছে ৷ 245 খন আৰক্ষী থানাত এটাকৈ কিট দিয়া হৈছে ৷ "মৈত্ৰী" আঁচনিৰ অধীনত এই সুবিধা প্ৰদান কৰা হৈছে ৷ তেওঁ কয় যে," উপ পৰিদৰ্শকৰ ওপৰতে এখন থানাৰ বহুত দায়িত্ব থাকে ৷ দুৰ্নীতি কৰা উপ পৰিদৰ্শকৰ অসম আৰক্ষীক নালাগে ৷ ছাইবাৰ ক্ৰাইম কৰি যাতে অপৰাধী সাৰি নাযায় সেই বাবে এই কিটৰ ব্যৱস্থা কৰা হৈছে ৷" লগতে অপৰাধ অনুসন্ধানকাৰী শাখা (CID)ৰ কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

উল্লেখনীয় যে, ছাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ এনে এন পদ্ধতি অৱলম্বন কৰা অসম হৈছে অষ্টমখন ৰাজ্য ৷

লগতে পঢ়কঃ এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

Last Updated : Jun 29, 2021, 7:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.