ETV Bharat / state

NESO Executive Meets in Guwahati: মেঘালয়, অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়ালৈ আহিছে ভাবুকি, চিন্তিত নেছ'

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:00 PM IST

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সভা ৷ উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ অনুপ্ৰৱেশকাৰীৰ বিষয়ৰ সন্দৰ্ভত সভাত বিশেষ আলোচনা ৷ শীঘ্ৰে বিদেশী চিনাক্ত কৰি বিতাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী নেছ'ৰ বিষয়-ববীয়াৰ ৷

NESO Executive Meets in Guwahati
মেঘালয় অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়ালৈ আহিছে ভাবুকি

গুৱাহাটী,31 অক্টোবৰ : মঙলবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সভা সম্পন্ন হয় । আজি মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেলটেলত আছুৰ উদ্যোগত অনুষ্ঠিত হয় এই বৈঠক ৷ বৈঠকত উত্তৰ-পূৰ্বৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । উক্ত সভাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থাকে ।

আজিৰ সভাত উত্তৰ-পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰা হয় । অসম চুক্তিৰ 6 নং দফা ৰূপায়ন কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে শুদ্ধ এন আৰ চি প্ৰকাশ কৰা, বিদেশী চিনাক্ত কৰি বিদেশী বিতাৰণ কৰা আদিৰ বিষয়ে আলোচনা কৰে উক্ত সভাত ৷ বৈঠকৰ পাচতে নেছ'ৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, ত্ৰিপুৰাৰ 40 লাখ জনসংখ্যাৰ মাত্ৰ 13 লাখ লোকহে খিলঞ্জীয়া ৷ বাকীসকলো বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷

তেওঁ কয়, ‘‘ ত্ৰিপুৰাৰ অনুৰূপ অৱস্থা হ'বলৈ গৈ আছে মেঘালয়ত । অৰুণাচল প্ৰদেশত একেই অৱস্থা হৈছে । অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহত বিদেশী নাগৰিকৰ সমস্যা শীঘ্ৰেই সমাধান নকৰিলে ভয়ংকৰ সমস্যাৰ সৃষ্টি হ'ব ৷’’ আনহাতে মণিপুৰৰ ঘটনা সন্দৰ্ভত আজি উপস্থিত থকা সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ নেছ'ৱে উদ্বিগ্নতা প্ৰকাশ কৰে ।

ইফালে অলপতে নেছ'ৰ এক প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে মেইটে আৰু কুকিৰ মাজত পুনৰ শান্তি প্ৰতিষ্ঠাৰ বিষয়টো আগবঢ়াই নিয়াৰ বাবে সমাধান সূত্ৰৰ সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰে বুলি উল্লেখ কৰে নেছ'ৰ উপদেষ্টাগৰাকীয়ে । ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে লুন্ঠন চলাইছে ৷ সেই কথা স্পষ্ট, কাৰণ হৈ যোৱা এছিয়ান গেমছত অৰুণাচল প্ৰদেশৰ খেলুৱৈক ভিছা প্ৰদান নকৰা বিষয়টোত নিমাত হৈ আছিল কেন্দ্ৰীয় চৰকাৰ ৷’’ এই মন্তব্য ভট্টাচাৰ্যৰ ৷

সোৱণশিৰি নদীবান্ধৰ প্ৰসংগত তেওঁ কয় যে, সোৱণশিৰি নদীবান্ধ এক অবিবেচক চিন্তাৰ ফচল ৷ বৰ্তমান শুকাই যোৱা নদীস্ৰোতে তাৰে প্ৰমাণ বুলি উল্লেখ কৰে নেছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ আজিৰ সভাত উপস্থিত থাকে নেছ'ৰ অধ্যক্ষ ছেমুৱেল জেৱৰা, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে উত্তৰ-পূবৰ আটাইকেখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ।

লগতে পঢ়ক:NH projects for Assam: ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.