গুৱাহাটী,২৪ ফেব্ৰুৱাৰী: আগন্তুক ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম(CU announces four year undergraduate course) । ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত প্ৰস্তুত কৰা এই পাঠ্যক্ৰমৰ লগতে সংশ্লিষ্ট ক্ৰেডিট পদ্ধতিও সন্নিবিষ্ট কৰা হৈছে । কটন বিশ্ববিদ্যালয়ত ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হবলগীয়া এই চাৰি-বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (CUET)-ৰ ভিত্তিত প্ৰস্তুত কৰা মেধাৰ তালিকা অনুসৰি হ'ব বুলি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে যোৱা ২৭ জানুৱাৰীত জাৰি কৰা এক জাননী অনুসৰি ঘোষণা কৰা হৈছে(New education policy introduced from 2023) ।
তদুপৰি উল্লেখ কৰা হৈছে যে এই প্ৰৱেশ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰিব(New education policy in Assam) । উক্ত প্ৰৱেশ পৰীক্ষাৰ বাবে বিষয় বাছনি সন্দৰ্ভত প্ৰয়োজনীয় তথ্য কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইটত (www.cottonuniversity.ac.in) প্ৰকাশিত ২৩ ফ্ৰেব্ৰুৱাৰী ২০২৩ তাৰিখৰ জাননীৰ সংলগ্ন অতিৰিক্ত সংযোজন-I, II আৰু III যোগে উপলব্ধ কৰা হৈছে । ইতিমধ্যে এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া cuet.samarth.ac.in ৱেবচাইট যোগে আৰম্ভ হৈছে । পঞ্জীয়নৰ অন্তিম সময় ১২ মাৰ্চৰ নিশা ৯ বজালৈ বুলি উল্লেখ কৰা হৈছে । অধিক তথ্য আৰু নিৰ্দেশনাৰ বাবে পৰীক্ষাৰ্থীসকলক কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট পৰিদৰ্শন কৰি থাকিবলৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে অনুৰোধ জনাইছে ।
উল্লেখ্য যে ৰাজ্যজুৰি শিক্ষা বিভাগৰ উদ্যোগত আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৃষ্ঠপোষকতাত নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন আলোচনা, পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছে । ৰাজ্য চৰকাৰেও এই নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে । এই শিক্ষানীতি অনুসৰি স্নাতক পৰ্যায়ত চাৰি বছৰীয়া পাঠ্যক্ৰম থাকিব । ইয়াত কোনো বি.এ., বি.এছ.চি. বা বি. কম. বুলি নাথাকিব । প্ৰথম বৰ্ষ উত্তীৰ্ণ হ’লে চাৰ্টিফিকেট সহ স্নাতক (Graduate with Certificate) বুলি কোৱা হ’ব। ঠিক তেনেদৰে দ্বিতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিপ্লোমা সহ স্নাতক (Graduate with Diploma), তৃতীয় বৰ্ষ উত্তীৰ্ণ হ’লে ডিগ্ৰীসহ স্নাতক ( Graduate with Digree) আৰু চতুৰ্থ বৰ্ষ উত্তীৰ্ণ হ’লে ৰিচাৰ্ছসহ স্নাতক (Graduate with Research) বুলি কোৱা হ’ব।
লগতে পঢ়ক: Media workshop on child rights: ক’ভিডৰ পিচত বৃদ্ধি পাইছে বাল্যবিবাহ