ETV Bharat / state

নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত - neepco

নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট খুলি দিয়া পাচতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰঙানদী বাঢ়নী পানীয়ে ৷ ইতিমধ্যে লখিমপুৰ জিলাৰ 10 খনতকৈ অধিক গাঁও জলবন্দী হৈছে ৷

neepco releases water from Ranganadi hydroelectric plant
ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিলে নীপকোৱে
author img

By

Published : Jun 5, 2021, 11:07 PM IST

Updated : Jun 6, 2021, 3:50 PM IST

লখিমপুৰ, 5 জুন : ভয়ংকৰ দুৰ্যোগৰ দিশে গতি কৰিছে লখিমপুৰ জিলা । নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট খুলি দিয়াৰ লগে লগে লখিমপুৰ জিলাত ভয়ংকৰ বানৰ আশংকাই দেখা দিছে ৷

নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত

বিয়লি ৰঙানদী প্ৰকল্পৰ জলাধাৰাত পানীৰ চাপ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি লখিমপুৰ জিলা প্ৰশাসনলৈ এক সৰ্তক বাৰ্তা প্ৰেৰণ কৰিছিল নীপকোৱে । ইয়াৰ কিছু সময়ৰ পাচতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট খুলি দিয়ে ৷ যাৰ ফলত ৰঙানদী কাষৰীয়া অঞ্চলত এতিয়া প্ৰৱল বানৰ আতংকই বিৰাজ কৰিছে ৷

neepco releases water from Ranganadi hydroelectric plant
ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিলে নীপকোৱে

ইফালে, প্ৰকল্পৰ পানী এৰি দিয়াৰ পাচতে ৰঙানদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ডিজু পাচ নৈ সংযোগী দলং খন । ডিজু পাচ নৈ অঞ্চলৰ ৰাইজে এই দলংখনে ৰাজ্যৰ অন্য অঞ্চলৰ লগত যোগাযোগ স্থাপন কৰিছিল ৷ এই দলংখন উটুৱাই নিয়াৰ পাচতে এতিয়া ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷

বৰ্তমানে ৰঙানদী কাষৰীয়া 10 খনতকৈ অধিক গাঁও জলবন্দী হৈ পৰিছে ৷ প্ৰশাসনৰ লোকে জলবন্দী লোক সকলক উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে যদিও আন্ধাৰ হোৱাৰ বাবে ক্ষীপ্ৰতাৰে চলাব পৰা নাই উদ্ধাৰ অভিযান । এক কথাত নীপকোৱে পানী এৰি দিয়াৰ বাবেই ভয়ংকৰ দুৰ্যোগৰ কবলত পৰাৰ উপক্ৰম হৈছে লখিমপুৰবাসী ৷

লগতে পঢ়ক: চিকিৎসক নিগ্ৰহ: চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

Last Updated : Jun 6, 2021, 3:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.