ETV Bharat / state

মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব NCC

author img

By

Published : Jul 13, 2021, 10:25 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ (GUWAHATI UNIVERSITY) উপাচাৰ্যক সাক্ষাৎ এন চি চিৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ যোগেশ তালুকদাৰৰ। সাক্ষাৎ কালত ব্ৰিগেডিয়াৰ তালুকদাৰে উপাচাৰ্যক (NCC )এন চি চিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু ঐচ্ছিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'লে ছাত্ৰ ছাত্ৰী (STUDENT) সকল কিদৰে লাভৱান হ’ব সেই বিষয়েও মত বিনিময় কৰে ।

ncc_commender_meet_gu_vc
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভূক্ত হ'ব NCC

গুৱাহাটী,১৩ জুলাই : নতুন শিক্ষা নীতিৰ (NEW EDUCATION POLICY) আধাৰত বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ দেশৰ সৰ্ববৃহৎ শৃংখলাবদ্ধ যুৱ সংগঠন হিচাপে পৰিগণিত ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনী চমুকৈ (NCC) এন চি চি । বিশেষকৈ (NCC)এন চি চিক এটা বিষয় হিচাপে অধ্যয়ন কৰি পৰৱৰ্তী সময়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে সেনা, নৌ-সেনা, বায়ু সেনাকে ধৰি দেশৰ সহস্ৰ বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীত নিজৰ যোগ্যতা অনুসৰি ভৰ্তি হৈ দেশমাতৃৰ সেৱা কৰিব পাৰিব ৷ এই লক্ষ্য ৰাখিয়েই স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত এনচিচিক এটা ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে (University Grants Commission) সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ইফালে উত্তৰ-পূৱৰ আন ৰাজ্যৰ লগতে অসমতো (ASSAM) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত (NCC) এন চি চিক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷ এনচিচিৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্রধান (ADG) মেজৰ জেনেৰেল অনন্ত ভূঞাই বিগত সময়চোৱাত উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰী আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সকলক এই আহ্বান জনাইছিল । ইয়াৰ অংশ হিচাপে আজি এন চি চিৰ (NCC) গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ যোগেশ তালুকদাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ (GUWAHATI UNIVERSITY) উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈক (Pratap Jyoti Handique) বিশ্ববিদ্যালয়ৰ কাৰ্যালয় কক্ষত সৌজন্যমূলক সাক্ষাৎ কৰে ।

সাক্ষাৎ কালত ব্ৰিগেডিয়াৰ তালুকদাৰে উপাচাৰ্যক এন চি চিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু ঐচ্ছিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'লে ছাত্ৰ-ছাত্ৰী সকল কিদৰে লাভৱান হব সেই বিষয়েও মত বিনিময় কৰে ।

আনহাতে, উপাচাৰ্য অধ্যাপক সন্দিকৈয়ে এন চি চিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ সকললৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জীতো অন্তৰ্ভুক্ত কৰিব বুলি ব্যক্ত কৰে । উল্লেখ যে, এন চি চিৰ উত্তৰ পূৱ মণ্ডলৰ এডিজি মেজৰ জেনেৰেল অনন্ত ভূঞাই বিগত সময়চোৱাত এনচিচিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্তিকৰণৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আদি ৰাজ্য ভ্ৰমণ কৰি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সকলক সাক্ষাৎ কৰিছিল ।

লগতে পঢ়কঃ ভয়ংকৰ : অসমৰ যুৱক-যুৱতীক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.