ETV Bharat / state

National Awards for Disabilities: দিব্যাংগসকলৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদনৰ আহ্বান

author img

By

Published : Aug 5, 2022, 12:00 PM IST

দিব্যাংগসকলৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে (National Award for Empowerment of Persons with Disabilities) ৷ ইচ্ছুক আবেদনকাৰীয়ে এই বঁটাৰ বাবে কেৱল অনলাইনযোগে মনোনয়ন অথবা আবেদন দাখিল কৰিব লাগিব । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পাছৱৰ্ড সুৰক্ষিত কেন্দ্ৰীয়ভূত প'ৰ্টেল www.awards.gov.in যোগে এই অনলাইন আবেদন কৰিব পাৰিব ।

National Award for Empowerment of Persons with Disabilities
দিব্যাংগসকলৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় বঁটাৰ আবেদনৰ আহ্বান

গুৱাহাটী, 5 আগষ্ট: কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে দিব্যাংগসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় বঁটা আঁচনিৰ অধীনত 2021 আৰু 2022 বৰ্ষৰ বাবে মনোনয়ন অথবা আবেদন বিচৰা হৈছে (Disability Awards Of 2022 )। ইচ্ছুক আবেদনকাৰীয়ে এই বঁটাৰ বাবে কেবল অনলাইনযোগে মনোনয়ন অথবা আবেদন দাখিল কৰিব লাগিব । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পাছৱৰ্ড সুৰক্ষিত কেন্দ্ৰীয়ভূত প'ৰ্টেল www.awards.gov.in যোগে এই অনলাইন আবেদন কৰিব পাৰিব ।

চলিত বৰ্ষত মন্ত্ৰালয়ে এই ৰাষ্ট্ৰীয় বঁটাৰ বাবে যাৱতীয় নিৰ্দেশনাৱলী সৰলীকৃত আৰু যুক্তিসংগত কৰি তুলিছে আৰু বৰ্তমান এই নিৰ্দেশনাৱলী বিভাগীয় ৱেব প'ৰ্টেল www.disabilityaffairs.gov.in আৰু বঁটাৰ বাবে থকা প'ৰ্টেল www.awards.gov.in ত উপলব্ধ কৰা হৈছে ।

উল্লেখ্য যে, এইবাৰ ব্যক্তিগত উৎকৃষ্টতাৰ বাবে থকা শাখাকেইটা হ’ল ক্ৰমে (১) সৰ্বশ্ৰেষ্ঠ দিব্যাংগজন, (২) (ক) শ্ৰেষ্ঠ দিব্যাংগজন, (খ) শ্ৰেষ্ঠ দিব্যাংগ কিশোৰ-কিশোৰী, (৩) দিব্যাংগজনৰ হকে কৰ্মৰত শ্ৰেষ্ঠ ব্যক্তি, (৪) দিব্যাংগতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পুনঃবাস পেছাদাৰী আৰু (৫) দিব্যাংগতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ অনুসন্ধান, উদ্ভাৱন, পণ্য বিকাশ ।

দিব্যাংগসকলৰ সবলীকৰণৰ বাবে কাম কৰি থকা প্ৰতিষ্ঠানৰ বাবে থকা ৰাষ্ট্ৰীয় বঁটাৰ শাখাকেইটা হ'ল ক্ৰমে- (১) দিব্যাংগসকলৰ সবলীকৰণৰ বাবে সৰ্বশ্ৰেষ্ঠ সংস্থা (২) দিব্যাংগসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ নিয়োগকর্তা (৩) দিব্যাংগসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ প্লেচমেণ্ট এজেন্সী (৪) সুগম ভাৰত অভিযান কার্যকৰীকৰণ তথা বাধামুক্ত পৰিৱেশ সৃষ্টি কৰাত সৰ্বশ্ৰেষ্ঠ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্য তথা জিলা (National Award for Youth with Disabilities) ৷

(৫) সৰ্বশ্ৰেষ্ঠ সুগম যাতায়তৰ আহিলা, তথ্য আৰু প্ৰচাৰ প্ৰযুক্তি (৬) দিব্যাংগসকলৰ বাবে অধিকাৰ অধিনিয়ম অথবা বিশেষ দিব্যাংগতা পৰিচয় পত্ৰ আৰু দিব্যাংগ সবলীকৰণৰ অন্য পৰিকল্পনাৰ কাৰ্যকৰীকৰণত সৰ্বশ্ৰেষ্ঠ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্য অথবা জিলা, (৭) দিব্যাংগসকলৰ অধিকাৰ অধিনিয়ম নিজ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্য অঞ্চলত কাৰ্যকৰীকৰণত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যিক দিব্যাংগজন আয়ুক্ত (৮) পুনঃবাস সেৱাসমূহৰ বাবে পেছাদাৰী প্ৰস্তুত কৰা সৰ্বশ্ৰেষ্ঠ সংস্থা (৯) অতিৰিক্ত বঁটাসমূহ- ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ দ্বাৰা নিজ বিবেক অধিকাৰ অনুসৰি উপৰোক্তসমূহৰ ভিতৰত যিকোনো এটা শ্ৰেণী বা দুটা শ্ৰেণীত নিৰ্বাচিত ৷

উল্লেখ্য যে, অনলাইন মনোনয়ন বা আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ আগষ্ট । প্ৰতিবছৰে ৩ ডিচেম্বৰত পালন কৰা আন্তর্জাতিক দিব্যাংগ দিৱসৰ দিনটোতে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: 68th National Film Award : অজয় দেৱগণ, সূৰ্যালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.