ETV Bharat / state

নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

author img

By

Published : Jan 22, 2021, 6:56 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ নামৰূপ সাৰ কাৰখানাৰ কথা মনত পৰিল চৰকাৰৰ । শীঘ্ৰে মুকলি কৰা হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটঃ কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী সদানন্দ গৌড়া । চতুৰ্থ গোটটোৰ উৎপাদন ক্ষমতা হ'ব বছৰি ১২.৭ লাখ মেট্ৰিক টন ।

শীঘ্ৰে মুকলি কৰা হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটঃ মন্ত্ৰী সদানন্দ গৌড়া

গুৱাহাটী, ২২ জানুৱাৰী: ভোট বা ভোটৰ ৰাজনীতি বৰ সাংঘাতিক বস্তু । বছৰ বছৰ ধৰি ৰাজনৈতিক দল আৰু চৰকাৰসমূহে পাহৰি থকা বহু কথা আচৰিত ধৰণে মনত পৰি যায় নিৰ্বাচনৰ সময়ত । যিদৰে শেহতীয়াকৈ নামৰূপ সাৰ কাৰখানা পুণৰ উজ্জিৱীত কৰাৰ কথা মনত পৰিছে চৰকাৰৰ । অথচ বহু পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল এই দাবী । কিন্তু দিল্লী বা দিছপুৰ কাৰোৱেই গা লৰা নাছিল ।

কিন্তু কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী সদানন্দ গৌড়াই বৃহস্পতিবাৰে দিল্লীত ঘোষণা কৰিলে যে, অসমৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট শীঘ্ৰে মুকলি কৰা হ'ব । আনকি, বৃহস্পতিবাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকতো মিলিত হয় । উক্ত বৈঠকতে কাৰখানাটোৰ চতুৰ্থটো গোট মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, যাৰ উৎপাদন ক্ষমতা হ'ব বছৰি ১২.৭ লাখ মেট্ৰিক টন ।

আনহাতে, এই কাৰখানাটোত পূৰ্বতে ৰাজ্য চৰকাৰৰ অংশদাৰীত্ব আছিল ১১ শতাংশ । কিন্তু এতিয়া এই পৰিমান ২৬ শতাংশলৈ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে । মনকৰিবলগীয়া যে এই চতুৰ্থ গোটটোৰ পৰা উৎপাদিত হ'বলগীয়া সাৰ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহলৈও ৰপ্তানি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

লগতে পঢ়ক:অভয়াপুৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.