গুৱাহাটী, 17 অক্টোবৰ: অসমীয়াৰ হেপাহৰ কাতি বিহুৰ দিনটোতে অসমবাসীৰ বাবে মুক্তিলাভ কৰিলে "নামঘৰ"শীৰ্ষক এটি ভক্তিমূলক গীতে ৷ মহানগৰীৰ ৰাজগড়স্থিত "ছনিক ৱেভছ ষ্টুডিঅ"ত ইউটিউবৰ জৰিয়তে মুক্তিলাভ কৰা গীতটোত কণ্ঠদান কৰিছে তৰুণ তন্ময়, নৱনীতা শৰ্মা আৰু নীলাক্ষি নেওগে ৷ গীতটি লিখি উলিয়াইছে প্ৰতিভাৱান কবি, শিল্পী তথা গীতিকাৰ জোনাক যুগান্তৰ বৰাই ৷ উল্লেখ্য যে, বৰ্তমান কভিড প্ৰট'কলৰ বাবে ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ সমাগম প্ৰায় শূন্য ৷

অসমীয়া জাতিৰ আবেগ পৱিত্ৰ নামঘৰৰ এই শূন্যতাই আন বহুজনৰ মনত সাঁচ বহুৱাৰ দৰে প্ৰতিভাৱান কবি, শিল্পী তথা গীতিকাৰ জোনাক যুগান্তৰ বৰাকো বৰকৈ আমনি কৰিছিল ৷ সেইয়ে অতি কম সময়ৰ ভিতৰতে লিখি উলিয়াই এতি শ্ৰুতিমধুৰ ভক্তিমূলক গীত ৷ গীতটি সুৰ আৰু সংগীতেৰে সজাইছে জনপ্ৰিয় শিল্পী তৰুণ তন্ময়ে ৷ গীতটি প্ৰযোজনা তথা বাণীবন্ধন কৰিছে ছনিক ৱেভছ য়ে ৷
সিকন্দৰ পাছোৱানে পৰিচালনা কৰা ভক্তিমূলক গীতটোৰ দৃশ্যগ্ৰহণ কৰিছে অমল কলিতা আৰু পাৰ্থ উদীপ গগৈয়ে ৷ লগতে সম্পাদনা কৰিছে মানস কাশ্যপে ৷ মূলতঃ মহানগৰীৰ গনেশ নগৰৰ ৰাজহুৱা নামঘৰত দৃশ্যগ্ৰহণ কৰা গীতটোত অভিনয় কৰা শিল্পীসকল হল ক্ৰমে তৰুণ তন্ময়, নৱনীতা শৰ্মা, লনীশ্ৰী দাস, কৃষ্ণা কল্যাণী, জোনাক যুগান্তৰ বৰা, বুবু দীপাংকৰ, ৰাজু বৰা, নৱ নিয়ৰ, প্ৰীতি বৰা, মানস শৰ্মা, বৰুণৰ লগতে গণেশ নগৰ ৰাজহুৱা নামঘৰৰ বৈষ্ণৱসকলে ৷
লগতে পঢ়কঃ হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন