ETV Bharat / state

বিজেপিত যোগদান কৰিব নেকি সাংসদ নৱ শৰণীয়াই ? - গণ সুৰক্ষা পাৰ্টী

বিজেপিৰে মিত্ৰতাৰ বান্ধোন অধিক শক্তিশালী কৰিছে সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, নৱ শৰণীয়াই গেৰুৱা দলটোৰ সদস্যপদ গ্ৰহণ কৰিলেও সেয়া আশ্চৰ্যৰ বিষয় নহ'ব ।

সাংসদ নৱ শৰণীয়া
সাংসদ নৱ শৰণীয়া
author img

By

Published : Jan 7, 2021, 8:06 PM IST

গুৱাহাটী, ৭ জানুৱাৰী: সাংসদ নৱ শৰণীয়া আৰু তেওঁৰ দল গণ সুৰক্ষা পাৰ্টী (জি এছ পি) সম্প্ৰতি বিজেপি দলৰ পৰম মিত্ৰ । আৰম্ভণিৰে পৰা বড়োভূমিত বি পি এফৰ বিৰোধিতা কৰি অহা নৱ শৰণীয়াই বি টি আৰৰ নিৰ্বাচনত যি ধৰণে ফলাফল আশা কৰিছিল তেনেকুৱা একোৱেই নঘটিল । এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল নৱ শৰণীয়া আৰু তেওঁৰ দল । সম্প্ৰতি বিজেপিৰে মিত্ৰতাৰ বান্ধোনত বান্ধ খাই বৰ্তমান গণ সুৰক্ষা পাৰ্টী বি টি আৰ পৰিষদৰ অন্যতম অংশীদাৰ ।

কিন্তু ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অথবা নিৰ্বাচনৰ পিছত সাংসদ নৱ শৰণীয়াই বিজেপিত যোগদান কৰিলেও সেয়া কোনো একো আচৰিত কথা নহ'ব । লগতে সূত্ৰটোৱে দাবী কৰে যে, বিজেপিত যোগদান কৰি নৱ শৰণীয়াই বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে এই সন্দৰ্ভত বিজেপি নেতৃত্বৰে সাংসদগৰাকীয়ে আলোচনাত মিলিত হোৱা বিষয়টোও সদৰি কৰিছে একেটা সূত্ৰই । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ে এতিয়াই কোনো কথা প্ৰকাশ কৰিব খোজা নাই কোকৰাঝাৰৰ সাংসদগৰাকীয়ে । বিজেপিত যোগদান সন্দৰ্ভত তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গোলাঘাটত সৌৰ ফেন্সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.