ETV Bharat / state

কাজিৰঙাত ন ভূঁই উৎসৱ - কৃষিজাত সামগ্ৰী

নতুন ৰূপত সংবাদমেল সম্বোধন কৃষক নেতা অখিল গগৈৰ ৷ কাজিৰঙাত পালন কৰা হ’ব ন ভূঁই উৎসৱ ৷ কৃষিজাত সামগ্ৰীৰে উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব অসমীয়াই ৷ এই উদ্দেশ্য আগত লৈয়েই ন ভূঁই উৎসৱ উদযাপন

কাজিৰঙাত ন ভূঁই উৎসৱ
author img

By

Published : Jul 10, 2019, 3:45 PM IST

গুৱাহাটী,10 জুলাই : এইবাৰ আন্দোলনকাৰী বা ৰাজনৈতিক নেতাক কঠোৰ বাক্য বানেৰে আক্ৰমণকাৰীৰ ৰূপত নহয়,এক নতুন ৰূপত সংবাদমেল সম্বোধন কৃষক নেতা অখিল গগৈৰ ৷ এইবাৰ অখিল গগৈয়ে আয়োজন কৰিছে উৎসৱৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কাজিৰঙাত থকা অৰ্কিড উদ্যানৰ উদ্যোগত এই মহা আয়োজন ৷ পালন কৰা হ’ব ন ভূঁই উৎসৱ ৷ অসমীয়া জাতিৰ তেল,চূণশিল,চাহপাত এতিয়া বহিৰাগত কোম্পানীৰ হাতত। অসমীয়া জাতিৰ ভৱিষ্যতৰ একমাত্ৰ সম্বল হবগৈ জৈৱ বৈচিত্ৰ সমূহ। সেয়েহে ৰাজ্যত উৎপাদিত কৃষিজাত সামগ্ৰীৰে উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব অসমীয়াই ৷ এই উদ্দেশ্য আগত লৈয়েই ভূঁই উৎসৱ উদযাপন কৰাৰ কথা জনালে অখিল গগৈয়ে ৷ কোমোৰাৰ সৈতে হাঁহৰ মাংস,কচু-কঠাল গুটিৰ দাইল আৰু সকলো ঘৰুৱা খাদ্যৰ সোৱাদ লবলৈ যাব লাগিব কাজিৰঙাত থকা অৰ্কিড উদ্যানলৈ । সমগ্ৰ অসমবাসীকে 19 আৰু 20 জুলাইত আমন্ত্ৰণ জনালে অখিল গগৈয়ে ৷

Intro:গান্ধীবস্তিৰ অফিচত অখিল গৈগৈৰ সংবাদমেল। সংবাদমেলত কোনো ৰাজনৈতিক অথবা নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা নাছিল অখিল গগৈৰ। এক উৎসৱৰ আয়োজন লৈ সংবাদমেল সম্বোধন অখিল গগৈৰ। কোমোৰাৰ সৈতে হাঁহৰ মাংস আৰু সকলো ঘৰুৱা খাদ্যৰ সোৱাদ লবলৈ যাব লাগিব কাজিৰঙা ত থকা অৰ্কিড উদ্যানলৈ।

Body:অখিল গগৈৰ অৰ্কিড উদ্যানত সংৰক্ষিত হৈ আছে 250 বিধ ধান। খেতিৰ বাবে যিকোনো সময়তে 50 বিধ ধানৰ বীজ যোগান ধৰিব পাৰে খেতিয়কক।
অসমীয়া জাতিৰ তেল ,চুনশীল , চাহপাত বহিৰাগত কোম্পানীৰ হাতত। অসমীয়া জাতিৰ ভৱিষ্যতৰ একমাত্ৰ সম্বল হবগৈ একমাত্ৰ এই জৈৱ বৈচিত্ৰ সমূহ। বিভিন্ন ধৰণৰ সাংস্কৃতিক উৎসৱ পালন হয় অসমত সেইবাবেই দ্বিতীয় বাৰৰ বাবে অখিল গৈগৈয়ে পালন কৰিব ন ভূঁই উৎসৱ।

Conclusion:খেতি কৰি নোপোৱা চহৰৰ ব্যক্তি সকলক মাটিৰ গোন্ধ লগতে খেতি কৰাৰ সোৱাদ দিবলৈ অখিল গগৈৰ চেষ্টা এই ন ভূঁই উৎসৱৰ জৰিয়তে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.