ETV Bharat / state

Death doby recovered : খানাপাৰত গছত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ - crime news in Assam

মহানগৰৰ খানাপাৰাত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে । গছত চিপ লোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে প্ৰণৱজ্যোতি মিলি নামৰ এজন লোকৰ মৃতদেহ ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ দাবী পৰিয়ালৰ লোকৰ ৷

mysterious suicide case at Khanapara
খানাপাৰত গছত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 11, 2023, 6:58 PM IST

খানাপাৰত গছত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

গুৱাহাটী/মাজুলী, ১১ আগষ্ট: মহানগৰীত ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰ ৷ এইবাৰ মহানগৰৰ খানাপাৰাত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে । খানাপাৰাত শুকুৰবাৰে পুৱাই উদ্ধাৰ হৈছে এটা মৃতদেহ। গছত চিপ লোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।

মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় ৰাইজে দিছপুৰ আৰক্ষীক খবৰ দিয়ে । মৃত ব্যক্তিজনৰ নাম প্ৰণৱজ্যোতি মিলি বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰণৱজ্যোতি মিলিৰ ঘৰ মাজুলীৰ ১নং বনৰীয়া চাপৰিত । গৰম বন্ধ হোৱাৰে পৰা মহানগৰীৰ খানাপাৰাত পৰিয়ালৰ সৈতে বাস কৰি আছিল মিলিয়ে। ধুবুৰীত টেট শিক্ষক হিচাপে কৰ্মৰত মিলিয়ে গৰমৰ বন্ধৰ বাবে গুৱাহাটীৰ ঘৰত বাস কৰি আছিল ৷

বৃহস্পতিবাৰে সন্ধিয়া কৰ্মসূত্ৰে ধুবুৰীলৈ যাবৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল মিলিয়ে। তাৰ পিচতে আজি পুৱা মৃতদেহ উদ্ধাৰ হয় লোকজনৰ ৷ এই ঘটনা পৰিয়ালৰ লোকে গম পোৱাৰ পিচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে এই ঘটনাক এক হত্যাকাণ্ড বুলি দাবী কৰিছে ৷

ইতিমধ্যে মহানগৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে ফৰেনছিকৰ এটা দলেও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সবিশেষ তথ্য় সংগ্ৰহ কৰে। আনহাতে মৃতদেহটোৰ পৰা এখন ছুইচাইড নোটো সংগ্ৰহ কৰে আৰক্ষীয়ে। সেয়েহে এতিয়াও এই ঘটনা হত্যা নে আত্মহত্যা স্পষ্ট হোৱা নাই ।

আনহাতে আজি পুৱা প্ৰায় 8 বজাত মিলিৰ মাজুলীৰ ঘৰখনত এই ঘটনাৰ খবৰ লাভ কৰে ৷ প্ৰণৱ মিলিৰ মৃত্যৰ খবৰ পোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মিলিৰ বাসগৃহত । বহু বছৰৰ পূৰ্বে প্ৰণৱ মিলিয়ে জীৱিকাৰ সন্ধানত মাজুলীৰ পৰা ওলাই গুৱাহাটীলৈ ওলাই আহিছিল আৰু গুৱাহাটীতে থাকিবলৈ লৈছিল। আজিৰ পৰা পাঁচ বছৰ পূৰ্বে টেটত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে মিলিয়ে।

শুকুৰবাৰে সন্ধ্যা কৰ্মস্থলী ধুবুৰীলৈ ওলাই অহাৰ সময়ত পত্নী আৰু জীয়ৰীয়ে আগবঢ়াই গৈছিল মিলিক । কিন্তু ৰহস্যজনকভাৱে আজি পুৱা ভাগত চিপ লৈ থকা অৱস্থাত মিলিৰ মৃতদেহ প্ৰত্যক্ষ কৰে । এই গোটেই ঘটনাটোৰ বিষয়ে উচিত তদন্তৰ দাবী জনাইছে প্ৰণৱৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Nitesh Kumar Murder case: দাৰে ডিঙি কাটি হত্যা কৰা হৈছিল নীতেশ কুমাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.