ETV Bharat / state

টাগাত ম্যানমাৰ সেনাই উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে প্ৰত্যাহাৰ কৰিলে অভিযান

author img

By

Published : Jul 1, 2022, 5:24 PM IST

উত্তৰ-পূব ভাৰতৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ ঘাটি হিচাবে পৰিচিত ম্যানমাৰৰ টাগা অঞ্চলৰ পৰা প্ৰত্যাহাৰ সামৰিক অভিযান ( Army Withdrawal military operations from Taga of Myanmar)। ইয়াৰ লগে লগে অধিক সহজ হৈ পৰিল আলফা (স্বাধীন)কে ধৰি আন বিদ্ৰোহী সংগঠনৰ পুনৰ গঠন প্ৰক্ৰিয়া।

Taga of Myanmar
Taga of Myanmar:টাগাত ম্যানমাৰ সেনাই উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে প্ৰত্যাহাৰ কৰিলে অভিযান

গুৱাহাটী,১ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহে নতুন সদস্যভুক্তিৰে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ তৎপৰতা অব্যাহত ৰখাৰ সময়তে ম্যানমাৰ চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিগত তিনি বছৰ ধৰি টাগা অঞ্চলত শিবিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে চোকা দৃষ্টিৰ লগতে অভিযান অব্যাহত ৰখা ম্যানমাৰ সেনাই যোৱা ১৫ জুনত এই অঞ্চলৰ পৰা সেনা অভিযান প্ৰত্যাহাৰ কৰিছে (Myanmar Army Withdrawal from Taga on15 June)। চুবুৰীয়া ৰাষ্ট্ৰখনৰ এক সূত্ৰই শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে।

ম্যানমাৰৰ টাগা হ'ল এনে এক অঞ্চল যি ঠাইৰ পৰা পৰেশ বৰুৱা নেতৃত্বাধীন আলফাকে( স্বাধীন) ধৰি নগালেণ্ডৰ এন এছ চি এনৰ য়ুং আং গোট,কমতাপুৰ লিবাৰেচন আৰ্মি, কাৰ্বি আংলঙৰ পিপলছ ডেমক্ৰেটিক কাউন্সিল ফৰ কাৰ্বি আংলং, এন বি এফ বিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ মূল ঘাটি পৰিচালিত হৈ আছে (ULFA (Independent), NSCN's Yung Ang Group, Kamtapur Liberation Army, NBFB)।

উল্লেখ্য় যে এই শিবিৰসমূহতে সংগঠন সমূহৰ শীৰ্ষ নেতৃত্বই প্ৰায়েই বাহৰ পাতি থাকে। এই সূত্ৰটোৰ মতে ২০১৯ চনৰ জানুৱাৰীৰ পৰা এই টাগাত ম্যানমাৰ সেনাৰ এক বৃহৎ বাহিনীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ বিৰুদ্ধে এক অভিযান চলায় (Taga of Myanmar)। এই অভিযানৰ পাছতো ম্যানমাৰ সেনাই টাগাতে শিবিৰ পাতি থাকিবলৈ লয় । আপাতত: এই কাৰ্যৰ দ্বাৰা ম্যানমাৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ সংগঠন সমূহৰ ওপৰত চোকা নজৰ আৰু মাজে সময়ে অভিযান চলাই পৰিস্থিতি নিজৰ আয়ত্বত ৰাখিব বিচাৰিছিল । সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ বাবে ম্যানমাৰৰ টাগা অঞ্চলটো হ'ল অতি সহজে চীন দেশৰ পৰা মাৰনাস্ত্ৰ সংগ্ৰহ কৰিব পৰা সুবিধাজনক ঠাই । গতিকে ভাৰত-ম্যানমাৰ উভয় চৰকাৰে এই টাগা অঞ্চলত তীক্ষ্ণ নজৰ ৰাখি আহিছে ।

লক্ষনীয় ভাবে যোৱা ১৫ জুনত ম্যানমাৰ চৰকাৰে এক তাৎক্ষণিক সিদ্ধান্তৰে টাগাৰ পৰা সামৰিক বাহিনীৰ অভিযান প্ৰত্যাহাৰ কৰে । সূত্ৰটোৰ মতে,দেশখনৰ ছাগাইন প্ৰদেশত ম্যানমাৰ চৰকাৰ বিৰোধী বিদ্ৰোহ অধিক উত্তপ্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ ক্ষেত্ৰত কিছু শিঠিলতা প্ৰদৰ্শন কৰিছে । ইয়াৰ পুৰ্বে ম্যানমাৰ চৰকাৰে দেশখনৰ আভ্যন্তৰীণ বিদ্ৰোহ আৰু আইন শৃংখলা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সশস্ত্ৰ সংগঠন সমূহক জড়িত কৰোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

উক্ত সূত্ৰটোৰ মতে,এইবাৰো ছাগাইনকে ধৰি দেশখনৰ বিভিন্ন প্ৰান্তৰত আভ্যন্তৰীণ নিৰাপত্তা বিপন্ন হোৱাত ইয়াৰে মোকাবিলা কৰিবলৈ উত্তৰ- পূৰ্বাঞ্চলৰ সশস্ত্ৰ সংগঠনক ব্যাৱহাৰ কৰাৰ আশংকা আছে । আৰু যদি সেয়া হয় তেতিয়া হ'লে চুবুৰীয়া দেশ খনে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহক নতুন সদস্য ভুক্তিৰে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সুযোগো দিব বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে।

লগতে পঢ়ক: কাকপথাৰত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ: এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.