গুৱাহাটী, 10 জানুৱাৰী: "অসম ইছলামিক সাহিত্য সভা বিজেপিৰ সৃষ্টি ৷ বিজেপিয়ে মানুহৰ মাজত বিভেদ আনিবৰ বাবেই এই কাৰ্য সংঘটিত কৰিছে ৷ যি খন সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আছে বিধায়ক নাৰায়ন ডেকা ৷ "এই গুৰুতৰ অভিযোগ অসম মুছলিম ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল আয়োজন কৰি বহু বিতৰ্কিত অসম ইছলামিক সাহিত্য সভাৰ বিষয়ে এই অভিযোগ উত্থাপন কৰে অসম মুছলিম ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ ইয়াৰোপৰি সংবাদমেলত সংগঠনটোৱে CAA ৰ বিৰোধিতা কৰাৰ লগতে এই আইন কেতিয়াও মানি লোৱা নহ'ব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, সংবাদমেলখনৰ জৰিয়তে সংগঠনটোৱে গাঁৱে-গাঁৱে আদালত গঢ়ি তুলি ডি ভোটাৰ সমস্যা সমাধান কৰাৰো দাবী তোলে ৷
লগতে পঢ়ক: অখিল গগৈক 10 দিনৰ জিম্মাত বিচাৰি NIA ৰ আৱেদন