ETV Bharat / state

হেৰাই যাবলৈ ধৰা সামগ্ৰীৰ সংৰক্ষণেৰে আৰম্ভ কৰা হ’ল Nostalgia

যিবোৰ বস্তু এটা সময়ত সমাজৰ অবিচ্ছেদ্য অংগ আছিল সেইবোৰ সামগ্ৰী লাহে লাহে হেৰাই যাবলৈ ধৰিছে সেইবোৰ সামগ্ৰী সংৰক্ষণ কৰি আন সংগ্ৰহালয়তকৈ ব্যতিক্ৰমী এটা সংগ্ৰহালয় নষ্টালজিয়া (Nostalgia an antique museum) স্থাপন কৰা হ’ল গুৱাহাটীত । সবিশেষ জানো আহক ৷

Museum Inaugurated in guwahati
হেৰাই যাবলৈ ধৰা সামগ্ৰী সংৰক্ষণ কৰি আৰম্ভ কৰা হ’ল Nostalgia
author img

By

Published : Sep 12, 2021, 9:29 PM IST

Updated : Sep 23, 2021, 6:43 AM IST

গুৱাহাটী , ১২ ছেপ্টেম্বৰ : মহানগৰীৰ এগৰাকী ব্যক্তিৰ এটা ব্যতিক্ৰমী সপোন ৷ এই সপোন আজি দিঠকত পৰিণত কৰিব পাৰি তেওঁ যথেষ্ট আনন্দিত হৈছে । এই ব্যক্তিগৰাকী হৈছে মহানগৰীৰ ৰূপনগৰ বৃন্দাবন পথৰ বাসিন্দা তথা পৰিবহন কৰ্মচাৰী দেৱ কুমাৰ বৰা । পূৰ্বৰে পৰাই তেওঁ পুৰণি সামগ্ৰীৰ সংগ্ৰহৰ প্ৰতি আগ্ৰহী আছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা পুৰণি সামগ্ৰী সংগ্ৰহ কৰি আন সংগ্ৰহালয়তকৈ ব্যতিক্ৰমী সংগ্ৰহালয় নষ্টালজিয়া (Nostalgia an antique museum) স্থাপন কৰিছে ।

হেৰাই যাবলৈ ধৰা সামগ্ৰী সংৰক্ষণ কৰি আৰম্ভ কৰা হ’ল Nostalgia

দেওবাৰে সংগ্ৰহালয়টো উদ্বোধন কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে । কি কি সামগ্ৰী আছে সংগ্ৰহালয়টোত? আপুনি মই কিছুমান সামগ্ৰী অলাগতীয়াল বুলি পেলাই দিও । সেই সামগ্ৰীবোৰ তেওঁ বিগত ২০-২২ বছৰে সংগ্ৰহ কৰি আহিছে । সংগ্ৰহালয়টোত প্ৰায় ১০০ বছৰ পুৰণি সামগ্ৰীও আছে । সামগ্ৰীবোৰৰ ভিতৰ আছে বিভিন্ন প্ৰকাৰৰ টেপ ৰেকৰ্ডাৰ , গ্ৰামোফোন, চিলাই মেচিন, টেবুল ফেন, কেচেট, টেবুল ফেন, ৱাল গড়ী, টেবুল গড়ী, মহাত্মা গান্ধীৰ দিনৰ ঘড়ী ৷

ইয়াৰোপৰি তামোলৰ বটা, তবলা, লেম্প, ষ্টোভ, টলা, গীটাৰ, টাইপিং মেচিন ,খোল, পুৰণি পইচা, বটল, টৰ্চ, স্কুটাৰ, কেমেৰা, চুটকেচকে ধৰি প্ৰায় ১৫০০ তকৈ অধিক সামগ্ৰী সংগ্ৰহালয়টোত আছে ।

সংগ্ৰহালয়টোৰ বিষয়ে দেৱ কুমাৰ বৰাই কয় যে, আগৰে পৰা পুৰণি সামগ্ৰীৰ প্ৰতি আগ্ৰহী । পুৰণি সামগ্ৰী দেখিলে নষ্টালজিক হৈ যায় তেওঁ । নষ্টালজিক হোৱাৰ বাবে সংগ্ৰহালয়টোৰ নাম নষ্টালজিয়া ৰাখিছে বুলিও কয় তেওঁ । যিবোৰ বস্তু এটা সময়ত সমাজৰ অবিচ্ছেদ্য অংগ আছিল সেইবোৰ সামগ্ৰী লাহে লাহে হেৰাই যাবলৈ ধৰিছে সংগ্ৰহালয়টোত সেইবোৰ সামগ্ৰী সংৰক্ষণ কৰা হৈছে ।

ভৱিষ্যত প্ৰজন্মই এইখিনি লৈ গৱেষণা কৰিব পাৰিব বুলিও কৈ তেওঁঁ কয় যে, নতুন প্ৰজন্মক আমাৰ শিপাডালৰ লগত চিনাকি কাৰাই দিয়াৰ চেষ্টা কৰিছো । সংগ্ৰহলায়টোত দৰ্শনাৰ্থীৰ প্ৰৱেশ বিনামূলীয়া । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দৰ্শনাৰ্থীৰ বাবে খোলা ৰখাৰ চিন্তা চৰ্চা কৰা হৈছে এই সংগ্ৰাহালয়টো । তেওঁ নিজ বাসভৱনতে সংগ্ৰহালয়টো স্থাপন কৰিছে । ইয়াৰ লগতে সংগ্ৰহালয়টোৰ সামগ্ৰী সমূহ বিক্ৰী কৰা নহ’ব বুলি তেওঁ জনায় ।

লগতে পঢ়ক : থাওৰাৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ

Last Updated : Sep 23, 2021, 6:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.