ETV Bharat / state

মহানগৰীত দিন দুপৰতে শিলেৰে কোবাই হত্যা বৃদ্ধক

author img

By

Published : Sep 10, 2020, 8:58 PM IST

মহানগৰীৰ উলুবাৰী উৰণীয়া সেঁতুৰ সমীপত এগৰাকী বৃদ্ধক শিলেৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিয়ে ৷ উক্ত স্থানত কৰ্তব্যৰত আৰক্ষীৰ চকুৰ সন্মুখতে সংঘটিত হত্যাকাণ্ডটোত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰে আৰক্ষীয়ে ৷

Murder near ulubari guwahati assam etv bharat news
শিলেৰে কোবাই বৃদ্ধক হত্যা

গুৱাহাটী,10 ছেপ্তেম্বৰ: মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বৃহস্পতিবাৰে কৰ্তব্যৰ খাতিৰত ওলাই অহা এগৰাকী বৃদ্ধৰ মূৰত শিলেৰে কোবাই হত্যা কৰে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে ৷ তদুপৰি ঘটনাটো সংঘটিত কৰি নিৰ্বিঘ্নে পলায়ন কৰে মানসিকভাৱে বিকাৰগ্ৰস্ত লোকগৰাকীয়ে ৷

শিলেৰে কোবাই বৃদ্ধক হত্যা

গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ উৰণীয়া সেঁতুৰ তলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ প্ৰত্যক্ষদৰ্শীৰ সূত্ৰ অনুসৰি, বিগত কেইবাদিনো ধৰি মানসিক বিকাৰগ্ৰস্ত লোকগৰাকীয়ে উক্ত স্থানত চলা-ফুৰা কৰি আছিল ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত লোকগৰাকীয়ে উলুবাৰী উৰণীয়া সেঁতুৰ তলত কৰ্তব্য পালনৰ বাবে আহি থকা বৃদ্ধগৰাকীক পথৰ দাঁতিত পৰি থকা এটা শিলেৰে মূৰত কোবাই হত্যা কৰে ৷ দুৰ্ভাগ্যজনকভাৱে মৃত্যুৰে সৈতে চটফটাই থকা বৃদ্ধগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি নাহিল কোনো ব্যক্তি ৷ তাৎপৰ্যপূৰ্ণভাৱে ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষী উক্ত স্থানত পহৰা দি আছিল যদিও ঘটনাটো সংঘটিত কৰা মানসিক বিকাৰগ্ৰস্ত লোকগৰাকীক কৰায়ত্ত কৰা অথবা মৃত্যুৰ সৈতে চটফটাই থকা ব্যক্তিগৰাকীক চিকিৎসালয়লৈ নিয়াৰ কোনো চেষ্টা নকৰিলে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,বিগত কেইবামাহো ধৰি উলুবাৰী উৰণীয়া সেঁতুৰ তলৰ এটা বিশেষ স্থান প্ৰায় শতাধিক সন্দেহযুক্ত নাগৰিকে নিজৰ আৱাসস্থলী হিচাপে বাচি লৈছে ৷ কিন্তু এইসকল নাগৰিকক গুৱাহাটী মহানগৰ পৌৰসভা অথবা প্ৰশাসনে উক্ত স্থানৰ পৰা আঁতৰাবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে হয়তো দিন-দুপৰতে সংঘটিত হ’বলৈ পালে এনে হৃদয় বিদাৰক ঘটনা ৷

লগতে চাওকঃ শোণিতপুৰৰ বৰছলা বিলত 3 গৰাকী লোকৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.