গুৱাহাটী, ২০ আগষ্ট: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা(Murder cases increased in Assam)। অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ পাছতো আন অপৰাধাৰ সমান্তৰাল ভাৱে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে হত্যাকাণ্ডৰ সংখ্যা । চলিত বৰ্ষৰ প্ৰথম ছমাহতে ৰাজ্যত ৪৯৬ টা হত্যাকাণ্ড সংঘটিত হৈছে(496 murders in last six months at Assam)।
চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ জুনলৈ অসমত ৪৯৬ টা হত্যাকাণ্ড সংঘটি হৈছে বুলি অসম আৰক্ষীৰ সূত্ৰই(Assam Police sources)সদৰী কৰিছে । সমান্তৰাল ভাৱে যোৱা ১০ বছৰত ২০১২ চনৰ পহিলা জানুৱাৰীৰ পৰা ২০২২ৰ ৩০ জুনলৈ ৰাজ্যখনত ১৩,২৯০ টা হত্যাকাণ্ড সংঘটিত হোৱা বুলি এই সূত্ৰটোৱে সদৰী কৰিছে । ইপিনে, বিগত বছৰত ৰাজ্যত ১১৮৫ টা হত্যাকাণ্ড সংঘটিত হৈছে ।
উল্লেখ্য যে চলিত বৰ্ষৰ ছমাহত ৰাজ্যত সংঘটিত হোৱা ৪,৯৬ টা হত্যাকাণ্ডৰ শীৰ্ষত আছে শোণিতপুৰ জিলা(Maximum murder in Sonitpur)। উক্ত জিলাখনত প্ৰথম ছমাহত ৩৮ টা হত্যাকাণ্ড সংঘটিত হৈছে । ইয়াৰ বিপৰীতে তিনিচুকীয়া জিলাত ৩৪ টা আৰু গুৱাহাটী মহানগৰীত ৩০ টা হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে । এই সূত্ৰটোৱে সদৰী কৰা অনুসৰি গুৱাহাটী মহানগৰ আৰক্ষীৰ তিনিখন জিলাৰ পূৱ গুৱাহাটীত ১২ টা, মধ্য গুৱাহাটীত ৯ টা আৰু পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অধীনস্থ অঞ্চলত সংঘটিত হৈছে ৮টা হত্যাকাণ্ড । ইয়াৰ লগতে গুৱাহাটী ৰেল আৰক্ষীৰ অধীনস্থ অঞ্চলত এটা হত্যাকাণ্ড সংঘটিত হৈছে ।
আনহতে, চলিত বৰ্ষৰ প্ৰথম ছমাহত ডিব্ৰুগড় জিলাত ২৯ টা, কাছাৰ জিলাত ২৫ টা, নগাঁও আৰু কামৰূপ গ্ৰাম্যত ২৪ টাকৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । তদুপৰি চৰাইদেউ আৰু ধুবুৰী জিলাত ২১ টাকৈ, বৰপেটাত ২০ টা, যোৰহাট আৰু বিশ্বনাথত জিলাত ১৭ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে । তথ্য় অনুসৰি কোকৰাঝাৰত ১৫ টা, মৰিগাঁৱত ১৪ টা, লখিমপুৰত ১৩ টা, শিৱসাগৰ,হোজাই আৰু গোলাঘাটত ১২ টাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য় পোহৰলৈ আহিছে ।
ইপিনে, কৰিমগঞ্জ জিলাত সংঘটিত হৈছে ১১ টা হত্যাকাণ্ড । একেদৰে নলবাৰী, তামুলপুৰ, ডিমা হাছাও আৰু দৰং জিলাত ১০ টাকৈ ঘটনা সংঘটিত হৈছে । একেটা সূত্ৰ অনুসৰি ধেমাজী, কাৰ্বি আংলং আৰু ওদালগুৰিত ৯ টা এনে ঘটনা ঘটিছে । আনহাতে, বঙাইগাঁও, চিৰাং, ৰেল আৰক্ষী, দক্ষিণ শালমাৰত ৭ টা,বাক্সাত ৪ টা, বজালী আৰু মাজুলীত ২টা আৰু পশ্চিম কাৰ্বি আংলঙত এটা হত্যাকাণ্ড সংঘটিত হৈছে ।
লগতে পঢ়ক:etv comment image প্ৰেমিকাক ছুৰীৰে আঘাট কৰি আত্মহত্যা প্ৰেমিকৰ