গুৱাহাটী,17 এপ্ৰিল : অৱশেষত আৰক্ষীৰ জালত পৰিল নিজ পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হৈ পলাতক অৱস্থাত থকা শ্বাহজাহান আলী ৷ বৃহস্পতিবাৰে নিশা সোণাপুৰ থানাৰ অন্তৰ্গত 14 মাইল এলেকাৰ পৰা গাঁওৰক্ষী বাহিনীয়ে হত্যাকাৰী শ্বাহজাহান আলীক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ ইয়াৰ বাবে গাঁওৰক্ষী বাহিনীক আন্তৰিক ধন্যবাদ জনায় বৰ্নিহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ৷
উল্লেখ্য যে বিগত 5 এপ্ৰিলত মেঘালয়ৰ ৰিভ'ই জিলাৰ বৰ্নিহাট আৰক্ষী চকীৰ অন্তর্গত নেৰিম অঞ্চলত নিজ পত্নীক নির্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত শ্বাহজাহান আলীৰ বিৰুদ্ধে ৷ ইয়াৰ পাছৰে পৰা পলায়ন কৰি আছিল অভিযুক্ত জনে ৷ বৰ্তমান পূৰ্বে ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নিজ পত্নীক হত্যা কৰাৰ অপৰাধত অপৰাধী শ্বাহজাহান আলীক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ অসমত সম্পূৰ্ণ সুস্থ ৫ গৰাকী কৰ'ণা ৰোগী