গুৱাহাটী,১১ ফেব্ৰুৱাৰী : গুৱাহাটীত অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমে অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই (Municipal corporation raid in Guwahati)। ইফালে যোৱা বুধবাৰেও গুৱাহাটী পৌৰ নিগমে ফাঁচীবজাৰত অভিযান চলায় গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱা বহু দোকানৰ পৰা জৰিমণা সংগ্ৰহ কৰে ।
![GMC raid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-gmccollect85000fine-7210645_10022022205617_1002f_1644506777_885.jpg)
বৃহস্পতিবাৰে বশিষ্ঠ, চেৰাবভাটী আৰু উলুবাৰীত গুৱাহাটী পৌৰ নিগমে অনুজ্ঞাপত্ৰ নথকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় । গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation)ৰ অভিযানকাৰী দলে বশিষ্ঠ, চেৰাবভাটী আৰু উলুবাৰীত ৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় । পৌৰ নিগমৰ অভিযানকাৰী দলে ইয়াৰে ১০ খন ব্যৱসায়িক প্ৰতিষ্ঠানে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাবে ব্যৱসায় চলাই থকা কথা ধৰা পেলায় ।
![GMC raid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-gmccollect85000fine-7210645_10022022205617_1002f_1644506777_962.jpg)
গুৱাহাটী পৌৰ নিগমৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ পৰা ৮৫,০০০ টকা জৰিমনা আদায় কৰাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে পৌৰ নিগমে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ।
লগতে পঢ়ক :অৱশেষত আৰম্ভ হ'ল পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প