ETV Bharat / state

Lok Sabha election 2024: দৰঙীয়া সাংসদ দিলীপ শইকীয়াৰ সমুখত 2024 ৰ প্ৰত্যাহ্বান - মঙলদৈ লোকসভা সমষ্টি

2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিব নে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত দৰং ওদালগুৰি সমষ্টি নামেৰে নামাংকৃত হোৱা সমষ্টিটোত কোনে পাব প্ৰাৰ্থিত্ব ? মুখ খুলিছে দিলীপ শইকীয়াই ৷

Lok Sabha election 2024
Upcoming Lok Sabha election
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 10:11 PM IST

সাংসদ দিলীপ শইকীয়াৰ সমুখত প্ৰত্যাহ্বান

গুৱাহাটী, ১৭ অক্টোবৰ: মুখ খুলিছে বিজেপি সাংসদ দিলীপ শইকীয়াই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে বিজেপিৰ বৰ্তমানৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সমষ্টিহীন কৰিলেও নতুন সমষ্টি দৰং-ওদালগুৰিত ২০২৪ ত পুনৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে দিলীপ শইকীয়া ৷ বিপৰীতে দৰং ওদালগুৰি লোকসভা সমষ্টিত নতুন প্ৰাৰ্থিত্বৰ দাবীদাৰে বৰ্তমানৰ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ প্ৰাৰ্থিত্বলৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে মঙলবাৰে এই বিষয়ত মুখ খুলিছে বিজেপি সাংসদ গৰাকীয়ে ।

এফালে বিজেপিৰ প্ৰবীণ নেতা ৰমেন ডেকা আৰু আনফালে কোচ ৰাজবংশী জনগোষ্ঠীয় নেতা তথা বিজেপিৰ কৰ্মকৰ্তা প্ৰণৱ নাৰায়ণ দেৱ দুয়োজনেই দৰং ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি এইবাৰ প্ৰত্যাহ্বান আনিছে দিলীপ শইকীয়ালৈ ৷ “ক’ৰবাত যদি মোৰ বিৰুদ্ধে কিবা আহিছে তেন্তে সেয়া মোৰ দুৰ্বলতা ৷ কোনোবাই যদি ভাবিছে দিলীপ শইকীয়াৰ বাটৰ হেঙাৰ হ’ব তেন্তে মই ভাবো ভগৱান সহায় থাকিলে কোনো মোৰ হেঙাৰ হ’ব নোৱাৰে ৷” সাংবাদিকৰ প্ৰশ্নত গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত মন্তব্য দিলীপ শইকীয়াৰ ৷

আনহাতে সাংসদজনক কোচ ৰাজবংশী প্ৰভাৱিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা প্ৰসংগত তেওঁ কয়, “মই দৰং ওদালগুৰিৰ বিভিন্ন অঞ্চলত ঘুৰি ফুৰিছো, কোনেওটো মোক বাধা দিয়া নাই ৷ কোনো সংগঠনৰ লোকে মোক বাধা দিয়া নাই ৷ কোনো সংগঠনৰ নেতাই মোক মাত এষাৰো দিয়া নাই ৷ মাত দিয়া হ’লে কথা পাতিব পাৰিলোহেঁতেন ৷ জাতিক লৈ যিবিলাক ৰাজনীতি হৈছে, বিজেপিত এইবিলাকৰ স্থানেই নাই ৷”

“ৰমেন ডেকা আমাৰ দলৰ জ্যেষ্ঠ নেতা ৷ দলে মোতকৈ যোগ্য বিবেচনা কৰিলে তেওঁক প্ৰাৰ্থিত্ব দিবও পাৰে ৷ মোৰ শুভেচ্ছা জনালো ৷” এইদৰে মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই প্ৰাৰ্থিত্ব বিচৰা প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে দিলীপ শইকীয়াই ৷

লগতে সাংসদ শইকীয়াই দৰং ওদালগুৰিত বিপিএফে লোকসভাত প্ৰাৰ্থিত্ব দিলে সেয়া বিজেপিৰ বাবে আশীৰ্বাদো হ’ব পাৰে বুলি মন্তব্য কৰে ৷ বিপিএফে সমষ্টিটোত কি কৰে সেয়া বাদ দিলেও মন কৰিবলগীয়া হ’ব যে বিজেপিৰ তালিকাত নতুন সমষ্টি দৰং ওদালগুৰিত কাৰ নামে স্থান পাব ? দিলীপ শইকীয়া, ৰমেন ডেকা নে প্ৰণৱ নাৰায়ণ দেৱ ?

লগতে পঢ়ক: BJP Joining Program: ধৰ্ম পদুমৰ প্ৰেমত পৰিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.