গুৱাহাটী, ১৩ মে': ১৪ দিনৰ বাবে হোম কোৱাৰান্টাইনত থকাৰ নিৰ্দেশ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক । অগপৰ সাংসদগৰাকীয়ে বুধবাৰে নিশা ইটিভি ভাৰতক ফোন যোগে এই কথা জানিবলৈ দিয়ে ।
![](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-mp-biren-baishya-quarantine-7206058_13052020215654_1305f_1589387214_977.jpeg)
উল্লেখ্য যে, পৰিয়ালসহ সাংসদ বৈশ্য দিল্লীৰ পৰা এখন বাছ ভাড়া কৰি গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ আটাইকেইজন সদস্যক স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু আটাইকেইগৰাকী সদস্যকে ২৭ মে' পৰ্যন্ত হোম কোৱাৰান্টাইনত থকাৰ নিৰ্দেশ দিয়ে ।
বৈশ্য আৰু তেওঁৰ পৰিয়ালৰ লগতে দিল্লীৰ পৰা একেখন বাছতে অহা আন এটা পৰিয়ালকো একেদৰে ১৪ দিনৰ বাবে হোম কোৱাৰান্টাইন কৰা হৈছে ।