ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক হিমন্ত বিশ্ব শৰ্মাৰ খচৰা আখ্যা আব্দুল খালেকৰ - Assam constituency delimitation debates

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ এই খচৰাখনক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ খচৰা আখ্যা দিয়ে সাংসদগৰাকীয়ে

Assam constituency delimitation
Assam constituency delimitation draft
author img

By

Published : Jun 21, 2023, 7:04 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক হিমন্ত বিশ্ব শৰ্মাৰ খচৰা আখ্যা

গুৱাহাটী,২১ জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নিৰ্বাচন আয়োগৰ খচৰা অনুসৰি লোকসভা আৰু বিধানসভাত সমষ্টিৰ সংখ্যা একেই ৰখা হৈছে যদিও চাৰিসীমাৰ ব্যাপক পৰিৱৰ্তন কৰা হৈছে ৷ এই খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ৷

তেওঁ কয় যে, ২০২৬ চনত দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব ৷ সেই সময়ত সংসদৰ আসনৰ সংখ্যা ৮০০ লৈ বৃদ্ধি পাব ৷ দুবছৰ পাছত যিহেতু দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, তাৰ বাবে অপেক্ষা নকৰি অসমত এতিয়া কৰিব বিচৰাটো ৰাজহুৱা অৰ্থৰ অপচয় ৷ এইটো সম্পূৰ্ণ অৰ্থহীন ৷ এই প্ৰক্ৰিয়াত বিধানসভাৰ আৰু লোকসভাৰ আসন বৃদ্ধি নহয় ৷ চৰকাৰে কৰিব বিচাৰিছে বাবে কৰিছে ৷

সাংসদ খালেকে লগতে কয় যে, এই কাম সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ দ্বাৰা হ'ব লাগে যদিও তাকে নকৰি নিৰ্বাচন আয়োগে কৰিব বিচাৰিছে ৷ ইয়াত কোনো সৰ্বদলীয় কমিটী নাই ৷ মঙলবাৰে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন নামতেহে নিৰ্বাচন আয়োগৰ খচৰা ৷ প্ৰকৃততে এইখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ খচৰা ৷

লগতে পঢ়ক: Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

নিৰ্বাচন আয়োগ এতিয়া বিজেপি আৰু মুখ্যমন্ত্রীৰ নিৰ্দেশত কাম কৰে বুলি তেওঁ অভিযোগ কৰে ৷ নিৰ্বাচন আয়োগৰ খচৰা হোৱা হ'লে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰাথমিক চৰ্ত মানি চলিলে হয় ৷ খচৰাখনত প্ৰশাসনীয় ইউনিট ভঙা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷

সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে, বিজেপিৰ স্বাৰ্থত পঞ্চায়তকো ভংগ কৰা হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিয়ম ভংগ কৰি বিজেপিৰ স্বাৰ্থত খচৰাখন প্ৰস্তুত কৰা হৈছে ৷ এই খচৰাখনক অবৈজ্ঞানিক, নীতিবৰ্হিভূত বুলি আখ্যা দি তেওঁ কয় যে, ইয়াত মানুহৰ সুবিধা-অসুবিধাক অলপো গুৰুত্ব দিয়া হোৱা নাই ৷

‘‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সততে জাতিৰ তথা জাতীয় স্বাৰ্থৰ কথা কয় ৷ মুখ্যমন্ত্রীয়ে কোন জাতিৰ কথা কয় ভগৱানেহে জানে ৷ এই খচৰা মতে ভোট হ'লে তিনিজন মুছলিম সাংসদ জয়ী হৈ আহিব ৷’’ তেওঁ লগতে কয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.