ETV Bharat / state

Mother Language Day : আন্তৰ্জাতিক মাতৃ ভাষা দিৱসত অসমীয়া ভাষাৰ সংকট সম্পৰ্কীয় আলোচনা চক্ৰ

author img

By

Published : Feb 21, 2023, 6:59 PM IST

ৰাজধানী স্বর্ণ শাখা সাহিত্য সভা আৰু অসম লেখিকা সমাজৰ মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ যুটীয়া সহযোগত গুৱাহাটীত মাতৃভাষা দিৱস উদযাপন (mother language day observed in guwahati) । "ঊনবিংশ শতিকাৰ পৰা একবিংশ শতিকালৈ মাতৃভাষাৰ সংকট আৰু অসমীয়া ভাষাৰ ভৱিষ্যৎ" শীৰ্ষক আলচনা-চক্ৰ ।

Mother Language Day
অসমীয়া ভাষাৰ সংকটৰ ওপৰত আলোচনা চক্ৰ

অসমীয়া ভাষাৰ সংকটৰ ওপৰত আলোচনা চক্ৰ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : ১৯৫২ চনৰ আজিৰ দিনটোতে পূব পাকিস্তানত (এতিয়াৰ বাংলাদেশ) উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল ছাত্ৰ সমাজ । এই ভাষা আন্দোলনত পুলিচৰ গুলীত শ্বহীদ হৈছিল কেইবাজনো ছাত্ৰ নেতা । পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৫৬ চনত পাকিস্তান চৰকাৰে এই দাবী মানি লৈ বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । ২০০০ চনৰ পৰা ৰাষ্ট্ৰসংঘই ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে (international mother language day) ।

মাতৃভাষা দিৱসৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী স্বর্ণ শাখা সাহিত্য সভা আৰু অসম লেখিকা সমাজৰ মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ যুটীয়া সহযোগত গুৱাহাটীত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় (mother language day observed in guwahati) । এই উপলক্ষে মঙলবাৰে চচল শতদল শাখা সাহিত্য সভা ভৱনত পুৱা ৯ বজাত ৰাজধানী স্বর্ণ শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি পদুমী গগৈয়ে আৰু লেখিকা সমাজৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ৰত্না দেৱীয়ে । তাৰ পিছত বন্তি প্রজ্জ্বলন কৰে সাংস্কৃতিক মহাসভা অসমৰ কাৰ্যকৰী সভাপতি ড° হৰিৰাম দাসে (international mother language day 2023) ।

আনহাতে, পুৱা ১০ বজাৰ পৰা 'লৰিয়লি : জিলমিল ৰূপালী জোনাক' শীৰ্ষক কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয় । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভা তথা আলোচনা-চক্ৰত সভাপতিত্ব কৰে ৰাজধানী স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি পদুমী গগৈয়ে । "ঊনবিংশ শতিকাৰ পৰা একবিংশ শতিকালৈ মাতৃভাষাৰ সংকট আৰু অসমীয়া ভাষাৰ ভৱিষ্যৎ" শীৰ্ষক আলচনা-চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তৰণী ডেকা, সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, বিশিষ্টি সাহিত্যিক থানেশ্বৰ মালাকাৰ, মহেন্দ্ৰ নাথ তালুকদাৰ ।

উপৰোক্ত বক্তাসকলে হিন্দী আৰু ইংৰাজীৰ আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বলৈ অশনি সংকেত কঢ়িয়াই অনা বুলি উল্লেখ কৰি মাতৃ ভাষাটোক বচাই ৰাখিবৰ বাবে চৰকাৰ, দল-সংগঠন, অভিভাৱক তথা জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত লেখক প্ৰদীপ কুমাৰ বৰা, সমাজকর্মী অজিত বর্মনো উপস্থিত থাকে । ইফালে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি আনিছউজ জামানে । সঞ্চালনা কৰে অসম লেখিকা সমাজৰ কাৰ্যকৰী সভাপতি ৰত্না দেৱীয়ে ।

লগতে পঢ়ক :International Mother Language Day 2023: কিয় ২১ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.