ETV Bharat / state

মৰিগাঁৱৰ সুদক্ষ ফুটবলাৰ মমিন বৰদলৈ অসুস্থ; মুখ্যমন্ত্ৰীক সাক্ষাতৰ ইচ্ছা

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:42 PM IST

এসময়ৰ দুৰ্দান্ত ফুটবল খেলুৱৈ, অসম দলৰ হৈ চাৰিবাৰকৈ সন্তোষ ট্ৰফী খেলা সুদক্ষ ফুটবলাৰ, ষ্ট্ৰাইকাৰ, কেপ্টেইন মমিন বৰদলৈ গুৰুতৰভাৱে অসুস্থ । চিকিৎসাধীন মৰিগাঁও অসামৰিক চিকিৎসলায়ত ।

footballer Mamin Bordoloi hospitalised
মৰিগাঁৱৰ সুদক্ষ ফুটবলাৰ মমিন বৰদলৈ অসুস্থ; মুখ্যমন্ত্ৰীক সাক্ষাতৰ ইচ্ছা
প্ৰাক্তন ফুটবলাৰ মমিন বৰদলৈ অসুস্থ

মৰিগাঁও, ৮ ডিচেম্বৰ : এসময়ত দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ ফুটবলপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা অসমৰ প্ৰখ্যাত ফুটবলাৰ মমিন বৰদলৈ বৰ্তমান গুৰুতৰভাৱে অসুস্থ । অসুস্থ মমিন বৰদলৈ বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসলায়ত চিকিৎসাধীন হৈ আছে । ১৯৭০ৰ পৰা ১৯৮০ দশকলৈ ফুটবল খেলপথাৰত দুভৰিৰে দপদপাই থকা মমিন বৰদলৈ বৰ্তমান তেওঁৰ ভৰিৰ ৰোগৰ বাবেই চিকিৎসলায়ত চিকিৎসাধীন হ'বলগা হৈছে ।

উল্লেখ্য যে ১৯৭০-৮০ দশকত ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো ফুটবলৰ পথাৰত দপদপাই আছিল মৰিগাঁৱৰ এইগৰাকী ফুটবল খেলুৱৈ মমিন বৰদলৈয়ে । মমিন বৰদলৈৰ দুৰন্ত গতি আৰু ক্ৰীড়াশৈলীয়ে খেলপথাৰত উপস্থিত হেজাৰ হেজাৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল আৰু দৰ্শকৰ হাতচাপৰিৰে জীপাল কৰি তুলিছিল খেলপথাৰ ।

এইগৰাকী দুৰ্দান্ত ফুটবলাৰে চাৰিবাৰকৈ অসমৰ হৈ সন্তোষ ট্ৰফী খেলি অসমৰ নাম উজলাই তুলিছিল । তাৰে ভিতৰত এবাৰ তেওঁ অসম দলক নেতৃত্ব প্ৰদান কৰিছিল । কিন্তু আজি তেওঁ গুৰুতৰভাৱে অসুস্থ । তাতোকৈ ডাঙৰ কথা, তেওঁৰ খবৰ ল'বলৈ বা অকণমান সহায় কৰিবলৈ তেওঁৰ কাষত নাই কোনো শুভাকাংক্ষী ।

যি দুভৰিৰে এসময়ত বিপক্ষক ধৰাশায়ী কৰিছিল, তাৰেই সমস্যাত ভুগি বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খেলুৱৈগৰাকী । তাৰ মাজতে চিকিৎসলায়ত চিকিৎসাধীন অৱস্থাতে বিখ্যাত ফুটবল খেলুৱৈগৰাকীয়ে চিকিৎসলায়ৰ বিছনাৰ পৰায়ে স্মৰণ কৰে অতীতৰ সেই স্মৰণীয় দিনবোৰৰ কথা ।

উল্লেখ্য যে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ বাবে নগাঁও আৰক্ষীত নিযুক্তি লাভ কৰা মমিন বৰদলৈয়ে অসম আৰক্ষী দলতো লাভ কৰিছিল খেলাৰ সুবিধা । সন্তোষ ট্ৰফী ফুটবল চাৰিবাৰকৈ খেলাৰ উপৰি শাৰীৰিকভাৱে সক্ষম হৈ থকা পৰ্যন্ত অসম আৰক্ষী দলৰ হৈ খেলিছিল প্ৰাক্তন ফুটবলাৰগৰাকীয়ে । অৱশ্যে শাৰীৰিকভাৱে অসুস্থ এসময়ৰ সুদক্ষ ফুটবলাৰগৰাকীৰ জীৱনৰ শেষ ইচ্ছা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ লগ কৰাটো ।

লগতে পঢ়ক :ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.