গুৱাহাটী,27 ডিচেম্বৰ : এআইইউডিএফৰ মুৰব্বী অধ্যাপক বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত আজমল ফাউণ্ডেশ্যনৰ সন্ত্ৰাসবাদ পুঁজি সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ সময়তে পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে সংস্থাটো ৷ আজমল ফাউণ্ডেশ্যনৰ অধীনৰ 5 টা শিশু কল্যাণ গৃহৰ পৰা 300ৰো অধিক শিশু তথ্য অবিহনে অন্তৰ্ধান হৈছে ৷ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ পোষকতা কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৷
আজমল নেতৃত্বাধীন মার্কাজ মাৰিফৰ অধীনত থকা শিশু কল্যাণ গৃহসমূহৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে শেহতীয়াকৈ চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । আয়োগৰ অধ্যক্ষ প্ৰিয়াংক কানুনগ’ই সংবাদ মাধ্যমত জনোৱা মতে, মার্কাজ মাৰিফৰ ৱেবছাইটত শিশু কল্যাণ গৃহকেইটাত মুঠ 1,080 শিশু থকাৰ কথা উল্লেখ কৰা হৈছে । কিন্তু পৰিদৰ্শনৰ সময়ত তাত মাত্র 778 টা শিশুৰ তথ্যহে পোৱা গৈছে । বাকী শিশুকেইটা ক’লৈ গ’ল তাৰ কোনো তথ্য পোৱা নাই ৷
তেওঁ কয় যে, এইক্ষেত্ৰত শীঘ্ৰেই উচ্চ পর্যায়ৰ তদন্ত অতি প্রয়োজন হৈ পৰিছে । ইফালে, সন্ত্রাসবাদী সংগঠন অল কায়দাৰ সৈতে সম্পর্ক থকা আইএইচএইচ নামৰ এটা সংস্থাই আজমলৰ শিশু কল্যাণ গৃহসমূহৰ বাবে ধনৰ যোগান ধৰাৰ তথ্যও তদন্তযোগে পোহৰলৈ আহে ৷
অধ্যক্ষ কানুনগ’ই প্রকাশ কৰা মতে, সন্ত্রাসবাদী সংগঠনৰ পৃষ্ঠপোষক তুৰস্কই উক্ত সংস্থালৈ শিশু কল্যাণ গৃহৰ শিশুসকলৰ বিতং তথ্য প্রেৰণ কৰাৰ তথ্য পোৱা গৈছে। যিসকল শিশুৰ তথ্য জিলা প্রশাসনৰ হাতত নাই, সেই তথ্য সন্ত্রাসবাদী সংগঠনৰ পৃষ্ঠপোষক সংস্থালৈ কিয় প্রেৰণ কৰা হ’ল বুলি প্রশ্ন উত্থাপন কৰিছে অধ্যক্ষ গৰাকীয়ে । তেওঁৰ মতে, শিশু কল্যাণ সমিতিৰ অনুমতি অবিহনে বহুসংখ্যক শিশু অবৈধভাৱে ৰখা হৈছে শিশু কল্যাণ গৃহসমূহত ।
উদাহৰণস্বৰূপে, ধুবুৰীৰ মার্কাজ দাৰুল ইয়ামাত 82 টা শিশু ৰখা হৈছে যদিও ইয়াত প্ৰকৃততে 7 টা শিশু ৰখাৰহে অনুমতি আছে । জিলা প্রশাসন আৰু ৰাজ্য চৰকাৰৰ ব্যর্থতাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলিও কয় অধ্যক্ষ কানুনগ’ই ।
লগতে পঢ়ক : আমগুৰিত ভুৱা নামঘৰে লাভ কৰিলে অসম দৰ্শন আঁচনিৰ সুবিধা